নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়ংকৰ! একেদিনাই দেশত পুনৰ ৩.৪৬ লাখ কোভিডত সংক্ৰমিত

নিয়মীয়া বাৰ্তা ২৪ এপ্ৰিলঃ  কৰোনাৰ কাল ৰূপ যেন শান্ত হোৱা নাই দেশত।  দেশত পুনৰ দৈনিক কৰোনাৰ সংক্ৰমণৰ ঘটনাৰ ক্ষেত্ৰত অভিলেখ ৰচনা কৰিছে । বুধবাৰে বিশ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি প্ৰথমবাৰৰ বাবে প্ৰায় ৩লাখ ১৫হাজাৰ লোক কৰ’নাত আক্ৰান্ত হৈছিল।

সেইদৰে, বৃহস্পতিবাৰে প্ৰায় ৩লাখ ৩৩হাজাৰ লোক কৰ’নাত আক্ৰান্ত হৈছিল। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি ঠিক সেইদৰে বিগত ২৪ ঘন্টাত দেশত ৩লাখ ৪৬হাজাৰ ৭৮৬ জন লোক কৰোনাত সংক্ৰমিত হৈছে। বিশ্বৰ ভিতৰতে ই সৰ্বাধিক।
সেইদৰে দেশত মুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ১কোটি ৬৬লাখ ১০হাজাৰ ৪৮১জন।

বিগত ২৪ ঘন্টাত দেশত ২ হাজাৰ ৬২৪ জন লোকৰ কৰ’নাত মৃত্যু হৈছে। দেশত এতিয়া মুঠ মৃত্যুৰ সংখ্যা ১লাখ ৮৯হাজাৰ ৫৪৪জনলৈ বৃদ্ধি পাইছে।

আনহাতে বিগত ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে ২লাখ ১৯হাজাৰ ৮৩৮জন লোকে। এয়া দৈনিক আক্ৰান্তৰ সংখ্যাতকৈ বহু কম। ইয়াৰ ফলত দেশত মুঠ সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা ২৫লাখ ৫২হাজাৰ ৯৮০জনলৈ বৃদ্ধি পালে।

দেশত এতিয়ালৈকে মুঠ ১কোটি ৩৮লাখ ৬৭হাজাৰ ৯৯৭জন লোক কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে।

You might also like