নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পানীতহে পৰিব চীনৰ ৰকেটৰ ভগ্নাৱশেষ

নিয়মীয়া বাৰ্তা ৭ মেঃ চীনৰ ৰকেটৰ ধ্বংসাৱশেষ মহাকাশৰ পৰা পৃথিৱীৰ ভূমিত খহি পৰি ক্ষতিগ্রস্ত হোৱাৰ সম্ভাৱনাক লৈ বিজ্ঞানীসকল উদ্বিগ্ন হৈ থকাৰ সময়তে চীনৰ গ্ল’বেল টাইমছে এই ৰকেটটোৰ ধ্বংসাৱশেষ আন্তর্জাতিক পানীত পৰিব বুলি ঘোষণা কৰিছে৷

উল্লেখ্য যে যোৱা ২৯ এপ্রিলত হৰিমন দ্বীপুঞ্জৰ পৰা মহাকাশলৈ নিক্ষেপ কৰা লং মার্চ ৫৮ ৰকেটটো চীনৰ মহাকাশ বিজ্ঞানীৰ নিয়ন্ত্রণৰ বাহিৰলৈ ওলাই যায়৷ ইয়াৰ পিছতেই এই ৰকেটৰ ভগ্নাৱশেষ পৃথিৱীৰভূমিত পৰিব বুলি শংকা ঘনিভূত হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ প্রতিৰক্ষা বিভাগ আৰু মহাকাশ কমাণ্ডে চীনৰ ৰকেটটোক লৈ সুক্ষ্ম নিৰীক্ষণ চলাই থকাৰ সময়তে চীনে দেশখনৰ চৰকাৰী সংবাদ সংস্থাৰ জৰিয়তে ৰকেটটোৰ ভগ্নাৱশেষ পানীত পৰিব বুলি স্পষ্ট কৰি দিছে৷ সাময়িকভাৱে এই বার্তাই স্বস্তিৰ নিশ্বাস দিছে বিজ্ঞানীসকলক৷

You might also like