নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পত্নীক হত্যা কৰি মৃতদেহৰ কাষত চাৰি দিন কটালে স্বামীয়ে !

🔹 উত্তৰ প্রদেশৰ গাজিয়াবাদত চাঞ্চল্যকৰ ঘটনা

বিশেষ বাৰ্তা, ৪ মার্চ : পত্নীক হত্যা কৰি চাৰি দিন ধৰি মৃতদেহৰ কাষত কটালে ৫৫ বছৰীয়া এগৰাকী লোকে৷ ইয়াৰ পাছতে মৃতদেহৰ পৰা দুর্গন্ধ ওলাবলৈ লোৱাৰ লগে লগে অভিযুক্ত লোকগৰাকীয়ে ঘৰৰ বাহিৰলৈ ওলাই আহে আৰু নিজৰ পত্নীক হত্যা কৰা বুলি চিৎকাৰ কৰিবলৈ ধৰে৷ আনকি প্রতিবেশীক আৰক্ষীক খবৰ দিয়াৰ বাবেও আহ্বান জনায় অভিযুক্তই৷ চাঞ্চল্যকৰ এই ঘটনা ঘটিছে উত্তৰ প্রদেশৰ গাজিয়াবাদত৷ গাজিয়াবাদৰ এটা হাউছিং কলনীত পত্নী সুনীতাৰ সৈতে ভাৰাঘৰত আছিল ভাৰত সিঙে৷ আৰক্ষীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি, পৰহি ভাৰত সিঙৰ প্রতিবেশীয়ে ফোন কৰি এই ঘটনাৰ খবৰ দিয়ে৷ ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে সুনীতা দেৱীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰে৷ ইফালে, অভিযুক্ত ভাৰতক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷

You might also like