নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৰুতৰভাৱে অসুস্থ কইনাৰ হাস্পতালতেই সম্পন্ন বিবাহ

🔹 পশ্চিমবংগৰ দুর্গাপুৰৰ ঘটনাক লৈ সংবাদ মাধ্যমত ব্যাপক চর্চা

বিশেষ বাৰ্তা, ৪ মার্চ : অসুস্থ নহ’লে কোনেও হাস্পতাললৈ নাহে৷ বহুতেই সুস্থ হৈ ঘৰলৈ উভতি যায় যদিও কাৰোবাৰ বাবে অন্তিম ঠিকনা হৈ পৰে এই হাস্পতাল৷ গতিকে দৰব–ইনজেকচনৰ মাজত এক দুখৰ পৰিৱেশ বিৰাজ কৰি থাকে হাস্পতালত৷ কিন্তু দিল্লীৰ বাসিন্দা অমিত আৰু সুচৰিতাই কিছু মুহূর্তৰ বাবে হ’লেও হাস্পতালক আনন্দৰ স্থলীলৈ সলনি কৰি দিলে৷ আনকি কঠিন ৰোগ বাধা হৈ নপৰিল এই আনন্দত৷ পৰহি আঢ়ৈ বছৰীয়া প্রেমে পূর্ণতা লাভ কৰে পশ্চিমবংগৰ দুর্গাপুৰৰ এখন বেচৰকাৰী হাস্পতালত৷ দিল্লীৰ বাসিন্দা অমিত মুখার্জী কর্মসূত্রে দুর্গাপুৰলৈ আহিছিল আঢ়ৈ বছৰ পূর্বে৷ তেতিয়াই বন্ধু এজনৰ চিনাকি বান্ধৱী সুচৰিতা পাত্রৰ সৈতে দুর্গাপুৰ চিটী চেণ্টাৰত চিনাকি হয় অমিতৰ৷ লাহে লাহে তেওঁলোকৰ মাজত প্রণয়ৰ সম্পর্ক গঢ়ি উঠে৷ পৰহি দুয়ো হাস্পতালত বিবাহপাশত আবদ্ধ হয়৷ বিয়াৰ এদিন পূর্বে অমিতৰ পৰিয়ালক জনাই দিয়া হয় যে তেওঁৰ পাত্রী সুচৰিতা হেপাটাইটিছ ৰোগত আক্রান্ত৷ গুৰুতৰ অৱস্থাত দুর্গাপুৰ চিটী চেণ্টাৰৰ এখন বেচৰকাৰী হাস্পতালত চিকিৎসাধীন সুচৰিতা৷ কিন্তু গুৰুতৰভাৱে অসুস্থ সুচৰিতাক নির্ধাৰত দিনত বিয়া কৰাবলৈ সাজু হ’ল অমিত৷ হাস্পতাল কর্তৃপক্ষৰ অনুমতিত পৰহি ৰোগীৰ বিছনাতে বিবাহপাশত আবদ্ধ হ’ল অমিত আৰু সুচৰিতা৷ দৰা–কইনাৰ পৰিয়ালৰ সৈতে সহযোগিতা আগবঢ়ায় হাস্পতালৰ চিকিৎসক তথা কর্মীসকলে৷ এই ঘটনাক লৈ এতিয়া দেশৰ সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷

You might also like