নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় টিভি চেনেলৰ বিৰুদ্ধে ক্ষোভ বেইজিঙৰ

🔹 টাইৱানৰ বিদেশ মন্ত্রীৰ সাক্ষাৎকাৰ প্রকাশ : ‘এক চীন নীতি’ক উলংঘা কৰাৰ অভিযোগ

বিশেষ বাৰ্তা, ৪ মার্চ :  ভাৰতীয় টিভি চেনেল এটাৰ বিৰুদ্ধে তীব্র ক্ষোভ প্রকাশ কৰিছে চীনে৷ টাইৱানৰ বিদেশ মন্ত্রী যোচেফ য়ুৰ সাক্ষাৎকাৰ প্রকাশ কৰা বাবেই ভাৰতীয় চেনেলটোক লৈ ক্ষোভ উজাৰিলে চীনে৷ চীনা দূতাৱাসৰ তৰফৰ পৰা এক বিবৃতি প্রকাশ কৰি এই সাক্ষাৎকাৰৰ বিৰোধিতা কৰা হৈছে৷ অভিযোগ অনুসৰি, সাক্ষাৎকাৰত টাইৱানৰ স্বাধীনতাক সমর্থন কৰাৰ লগতে ‘ভুল তথ্য’ দাঙি ধৰা হৈছে৷ যোচেফে ভাৰতীয় চেনেলটোক টাইৱানৰ স্বাধীনতাৰ প্রচাৰৰ ক্ষেত্র হিচাপে ব্যৱহাৰ কৰা বুলিও চীনা দূতাৱাসৰ পৰা অভিযোগ অনা হৈছে৷ অৱশ্যে চীনৰ এই বিবৃতিৰ প্রত্যুত্তৰ দিছে টাইৱানে৷ চীনৰ বিবৃতিৰ প্রত্যুত্তৰত টাইপেই প্রশাসনে উল্লেখ কৰিছে যে ভাৰত আৰু টাইৱান স্বাধীন গণতন্ত্র৷ গতিকে ভাৰতৰ যিকোনো সাক্ষাৎকাৰ প্রকাশৰ অধিকাৰ আছে৷ উল্লেখনীয় যে ভাৰতে ‘এক চীন নীতি’ক অনুসৰণ কৰি আহিছে৷ আনফালে, টাইৱানৰ সৈতে ভাৰতৰ কোনো চৰকাৰী কূটনৈতিক সম্পর্কও নাই৷ গতিকে টাইৱানে চীনক প্রত্যুত্তৰ দিলেও ভাৰতে টাইৱানৰ সৈতে আমেৰিকাৰ দৰে সম্পর্ক ৰক্ষা কৰি চলা নাই৷ লক্ষণীয়ভাৱে শেহতীয়াকৈ টাইৱানৰ বিদেশ মন্ত্রীৰ সাক্ষাৎকাৰে ‘এক চীন নীতি’ক উলংঘা কৰা বুলি অভিযোগ কৰা হৈছে বিবৃতিটোত৷

You might also like