নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এসপ্তাহতেই ১৮ হাজাৰটা ভূমিকম্পই জোকাৰিছে আইচলেণ্ডক

নিয়মীয়া বাৰ্তা, ৫ মার্চঃ এসপ্তাহতেই ১৮ হাজাৰতকৈ অধিক ভূমিকম্পই জোকাৰিছে আইচলেণ্ডক৷ বিগত সপ্তাহটোত দেশখনত ভূমিকম্পৰ সর্বাধিক প্ৰাবল্য আছিল ৫.৬৷ যোৱা ২৪ ফেব্রুৱাৰীৰ পৰা দেশখনত সঘনাই ভূমিকম্প হৈ থকাত সমগ্র দেশবাসীৰ মাজত শংকা ঘনীভূত হৈছে৷

মন কৰিবলগীয়া যে সঘনাই ভূমিকম্প হোৱাৰ ফলত আগ্ণেয়গিৰি উদ্গীৰণৰ সম্ভাৱনা প্রবল হৈ পৰে৷ দেশখনৰ ৰাজধানী ৰেকজেন্সৰ বিগত সপ্তাহত ভূমিকম্পৰ মাত্রাই পূর্বৰ সকলো অভিলেখ ভংগ কৰিছে৷

আইচলেণ্ডিক মেট্র’লজিকেল অফিচ (আইচি’)ই প্রকাশ কৰা মতে বিগত সপ্তাহটোত ১৮ হাজাৰতকৈ অধিকবাৰ ভূকম্পন হৈছে দেশখনত৷ আইচি’ই প্রকাশ কৰা মতে সাধাৰণতে দেশখনত বছৰত তুলনামূলকভাৱে এক হাজাৰটা ভূমিকম্প হয়৷

কিন্তু ইয়াৰ বিপৰীতে চলিত বর্ষৰ ২৪ ফেব্রুৱাৰীৰ পৰা এতিয়ালৈকে এসপ্তাহতে ১৮ হাজাৰটা ভূমিকম্প আহিছে৷ অর্থাৎ দেশখনত ভূমিকম্পৰ পৰিমাণ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে৷ ইয়ে দেশখনৰ ভয়ংকৰ আগ্ণেয়গিৰি বিস্ফোৰণ হোৱাৰ ইংগিত দিছে৷

You might also like