নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় সেনা সাজু হৈ থকা উচিতঃ চীন–পাকিস্তানৰ ভাবুকিক লৈ চিডিএছ জেনেৰেল ৰাৱট

নিয়মীয়া বাৰ্তা, ৫ মার্চঃ ভাৰতে জটিল সুৰক্ষাৰ সন্মুখীন হোৱাৰ লগতে এক প্রত্যাহ্বানমূলক পৰিৱেশৰ মাজত আছে৷ চুবৰীয়া ৰাষ্ট্র চীন আৰু পাকিস্তানৰ ভাবুকিৰ প্রতি লক্ষ্য ৰাখি ভাৰতীয় সেনা সদা সষ্টম হৈ থকা উচিত৷

এই মন্তব্য চিডিএছ জেনেৰেল বিপিন ৰাৱটৰ৷ ছিকন্দৰাবাদস্থিত কলেজ অৱ ডিফেন্স মেনেজমেণ্ট (চিডিএম) আয়োজিত ‘টেন্সফৰমেচনঃ ইম্পাৰেটিভছ ফৰ ইণ্ডিয়ান আর্মড ফ’ৰচেছ’ শীর্ষক ৰাষ্ট্রীয় ৱেবিনাৰ এখন সম্বোধন কৰি চিডিএছ জেনেৰেল বিপিন ৰাৱটে এই মন্তব্য আগবঢ়াই কয় যে বিশ্বৰ আন দেশৰ সামৰিক বাহিনীৰ তুলনাত ভাৰতৰ সামৰিক বাহিনীয়ে বৃহত্তম প্রত্যাহ্বানৰ সন্মুখীন হৈ আছে৷

এনে ক্ষেত্রত ভাৰতৰ সেনাবাহিনীক পৰিৱর্তিত কৰাৰ ধাৰণাক লৈ অধ্যয়নৰ আৱশ্যক আছে৷ চীন আৰু পাকিস্তানৰ পৰা অহা ভাবুকিৰ বাবে ভাৰতীয় সেনা সাজু হৈ থকা উচিত৷

তদুপৰি দেশৰ সামৰিক বাহিনীৰ বাবে কিছুসংখ্যক গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰাৰ আৱশ্যক আছে৷ ইয়াৰ ভিতৰত ৰাষ্ট্রীয় সুৰক্ষা ৰণনীতি, উচ্চতৰ প্রতিৰক্ষা, কৌশলগত নির্দেশনা, প্রতিৰক্ষাৰ ক্ষেত্রত গাঁথনিগত সংস্কাৰক প্রাধান্য দিব লাগিব৷

You might also like