নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফলাফল ঘোষণাত বিলম্ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ , বিনামূলীয়া নামভৰ্তিৰ পৰা বঞ্চিত হ’ব হাজাৰ হাজাৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী

নিয়মীয়া বাৰ্তা ,২৮ অক্টোবৰ:- গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই চূড়ান্ত দায়িত্বহীনতাৰে স্নাতকৰ ‘বেক’ পৰীক্ষাৰ ফলাফল নিদিয়া বাবে বহু ছাত্র-ছাত্ৰীয়ে বিনামূলীয়া নামভৰ্তিৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম হৈছে । বিশ্ববিদ্যালয়খনৰ এনে হেমাহিৰ বাবে আজি ৰঙিয়া মানবেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী ক্ষোভ প্ৰকাশ কৰে । উল্লেখ্য যে এইবাৰ পঞ্চম ষান্মাসিকত নামভৰ্তি কৰিব বিচৰা শিক্ষাৰ্থী সকলৰ ভিতৰত একাংশ শিক্ষাৰ্থীৰ প্ৰথম ষান্মাসিক পৰীক্ষাত ‘বেক’ লগাৰ বাবে দুমাহ পূৰ্বে উক্ত বিষয়ত অনলাইন পৰীক্ষা দিছিল । কিন্তু দুমাহৰ পিছতো বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বৰ্তমানলৈকে উক্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা নাই । যাৰ বাবে দুখীয়া পৰিয়ালৰ উক্ত শিক্ষাৰ্থী সকলে বিনামূলীয়া নামভৰ্তিৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম হৈছে । কিয়নো বিনামূলীয়া নামভৰ্তিৰ বাবে ‘বেক’ থকা বিষয়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাতো বাধ্যতামূলক ।

উক্ত ‘বেক’ থকা বিষয়ৰ পৰীক্ষাত উত্তীৰ্ণ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী সকলে ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত বিনামূলীয়া নামভৰ্তি লাভ কৰিবলৈ সক্ষম হব । কিন্তু উক্ত পৰীক্ষাৰ ফলাফলৰ পূৰ্বেই পঞ্চম ষান্মাসিকৰ শিক্ষাৰ্থী নামভৰ্তি কৰাৰ বাবে জাননী জাৰি কৰাত মহাবিদ্যালয়খনৰ ছাত্ৰী সকল ক্ষুব্ধ হৈ পৰে । উক্ত পৰীক্ষাৰ ফলাফল নিদিয়াৰ বাবে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী সকলে ৫ হাজাৰ টকাৰে নামভৰ্তি কৰিব লাগিব । আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ বাবে ৫ হাজাৰ টকাৰে নামভৰ্তি কৰিবলৈ অপাৰগ । এনে পৰিস্থিতিত বহু ছাত্ৰীয়ে আধাতে শিক্ষা সামৰিব লাগিব বুলি আশংকা প্ৰকাশ কৰে । সেইবাবে উক্ত পৰীক্ষাত উত্তীৰ্ণ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী সকলে যাতে বিনামূলীয়াকৈ পঞ্চম ষান্মাসিকত নামভৰ্তি কৰি উচ্চ শিক্ষা লাভ কৰিবলৈ সমৰ্থ হয় তাৰ বাবে অতি শীঘ্ৰে উক্ত ফলাফল ঘোষণা কৰিবলৈ দাবী জনাইছে ।
ফাৰুক হুছেইন , ৰঙিয়া ।

You might also like