নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পয়গম্বৰৰ অপমানত আৰৱ বিশ্বত প্ৰতিবাদ চলি থকাৰ মাজতে ভাৰতত ইৰাণৰ বিদেশ মন্ত্ৰী

বিশেষ বাৰ্তা, ৮ জুনঃ পূর্ব নির্ধাৰিত সূচী অনুসৰি আজি পুৱা ভাৰতলৈ আহিল ইৰাণৰ বিদেশ মন্ত্রী ডঃ হোছেন আমিৰ আব্দুল্লাহিয়া। বিজেপিৰ দুই মুখপাত্রৰ পয়গম্বৰ মহম্মদ সম্পর্কে আপত্তিজনক মন্তব্যক লৈ গোটেই আৰৱ তথা ইছলামিক বিশ্বই ভাৰতক তীব্র সমালোচনা কৰিছে। বিজেপিয়ে সেই দুয়োগৰাকীকে বহিষ্কাৰ কৰিছে। ভাৰত চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে সেই মন্তব্যক ভাৰতে সমর্থন নকৰে। তালৈ কাণ নিদিয়াই ভাল। তাৰ পাছতো প্রতিবাদ শেষ হোৱা নাই। কোনো কোনো দেশে ভাৰতীয় পণ্য বৰ্জন কৰিছে। কেবাখনো দেশে ভাৰত চৰকাৰে ক্ষমা বিচাৰিব লাগিব বুলিও দাবী তুলিছে। প্রতিবাদ কৰা দেশসমূহৰ তালিকাত ৰৈছে ইৰাণো। স্বাভাবিকতেই দেশখনৰ বিদেশ মন্ত্রীৰ ভ্ৰমণকলৈ দুশ্চিন্তাত আছিল নতুন দিল্লী। কিন্তু হোছেন আমিৰৰ বিমান দিল্লীৰ মাটি স্পৰ্শ কৰাৰ পাছতহে ভাৰতৰ বিদেশ মন্ত্রালয়ে স্বস্তিৰ শ্বাস লৈছে। ইৰাণী বিদেশ মন্ত্রীগৰাকীয়ে আজি দুপৰীয়া দিল্লীত ভাৰতৰ বিদেশ মন্ত্রী এছ জয়শংকৰৰ সৈতে বৈঠকত বহিব। তিনিদিনীয়া ভ্ৰমণসূচীৰে আহিছে তেওঁ। দিল্লীৰ পাছত যাব হায়দৰাবাদ আৰু মুম্বাইলৈ। পয়গম্বৰৰ অপমানত ইৰাণে কেৱল প্রতিবাদ জনাইছে তেনে নহয়, তেওঁলোক অ’আইচি বা অর্গেনাইজেছন অৱ ইছলামিক কান্ট্রিজৰ অন্যতম সদস্য। ৫৭খন ইছলামিক দেশৰ এই সংগঠনটিয়ে আটাইতকৈ কঢ়া ভাষাৰে ভাৰতক নিন্দা কৰিছে।

You might also like