নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দূৰত্ব বাঢ়িছে দিল্লী-পশ্চিমবংগৰ, মমতাৰ আমন্ত্ৰণ ৰক্ষা নকৰে প্ৰধানমন্ত্ৰীয়ে

বিশেষ বাৰ্তা, ১৯ এপ্ৰিলঃ আকৌ স্পষ্ট পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংঘাত। পশ্চিমবংগত অনুষ্ঠিত হ’বলগীয়া বিশ্ব বাণিজ্য় সম্মিলন (বিজিবিএছ)লৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী আহিবনে নাহে সেই প্রশ্ন আৰু গভীৰ হৈছে। কাৰণ, সোমবাৰে সম্মিলনৰ যিখন আমন্ত্রণ পত্র প্রকাশ কৰা হৈছে তাত প্রধানমন্ত্রীৰ নাম নাই। তাৰ পাছৰ পৰাই প্রশাসনিক তথা ৰাজনৈতিক মহলত চর্চা চলিছে। অহা ২০-২১ এপ্রিলত বিশ্ব বাংলা কনভেনছন কেন্দ্রত চলিব বিশ্ব বাণিজ্য় সম্মিলন। তাৰে আমন্ত্রণ পত্রত ৰাজ্যপাল জগদীপ ধনখৰ, মুখ্যমন্ত্রী মমতা বেনাৰ্জী, মুখ্যমন্ত্রীৰ প্রধান উপদেষ্টা অমিত মিত্র, শিল্পমন্ত্রী আৰু ৰাজ্যখনৰ মুখ্যসচিবৰ নাম আছে। বহুতৰে মতে, প্রধানমন্ত্রী যদি আহিলেহেঁতেন অথবা ভার্চুৱেল মাধ্যমেৰে সম্মিলনত যোগ দিলেহেঁতেন, তেন্তে তেওঁৰ নাম আমন্ত্রণ পত্রত থকাতো বাঞ্ছনীয় আছিল। প্রসংগক্ৰমে উল্লেখনীয় যে, ভৱানীপুৰ উপ নির্বাচনৰ আগেয়ে দিল্লীলৈ গৈ প্রধানমন্ত্রীক বিজিবিএছত আহিবলৈ অনুৰোধ কৰিছিল স্বয়ং মুখ্যমন্ত্রী মমতাই।

You might also like