নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰমজানৰ অন্তিমটো শুকুৰবাৰেও নাপালে ৰেহাই, ভয়াৱহ বিস্ফোৰণত কঁপি উঠিল আফগানিস্তানৰ

বিশেষ বাৰ্তা, ৩০ এপ্ৰিলঃ জুম্মাবাৰৰ নামাজ চলাৰ মাজতেই ভয়াৱহ বিস্ফোৰণত কঁপি উঠিছিল উত্তৰ আফগানিস্তানৰ কুন্দুজ শহৰৰ চুন্নী মছজিদ। সেই কথা কোনেও পাহৰিব পৰাই নাছিল। তেনেতে ৰমজানৰ অন্তিমটো শুকুৰবাৰেও ৰেহাই নাপালে। পুনৰ প্রচণ্ড বিস্ফোৰণত কঁপি উঠিল কাবুলৰ মছজিদ। নামাজ পঢ়িবলৈ আহি প্রাণ গ’ল ১০ জনৰ। আহত হ’ল আন ২০ জন। কাবুলৰ খালিফা আগা গুল জান মছজিদত জুম্মাবাৰৰ নামাজ চলিছিল। ৰমজানৰ অন্তিম শুকুৰবাৰে যথেষ্ট ভিৰ আছিল মছজিদত। তাৰ মাজতে তীব্র বিস্ফোৰণত কঁপি উঠে চৌপাশ। বিগত বছৰত তালিবানে ক্ষমতা দখল কৰাৰ পাছৰ পৰা আফগানিস্তানৰ বিভিন্ন প্রান্তত ধাৰাবাহিকভাৱে আক্রমণৰ লক্ষ্য হৈছে ছিয়া জনগোষ্ঠীৰ মানুহসকল। লগতে হাজাৰা, তাজিক, উজবেক-সহ সংখ্যালঘু জনগোষ্ঠীৰ ওপৰতো ক্রমাগত আক্ৰমণৰ ঘটনা ঘটিছে। এটাৰ পাছত আনটো মছজিদত বিস্ফোৰণৰ ঘটনা ঘটিছে।

You might also like