নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নবৌ আহি পালে… ষ্টেডিয়ামত ঋষভ পণ্টৰ প্ৰেয়সীক দেখি অনুৰাগীৰ আনন্দ

বিশেষ বাৰ্তা, ৩০ এপ্ৰিলঃ ঋষভ পণ্ট ভাৰতীয় ক্রিকেটৰ আগন্তুক দিনৰ অধিনায়ক হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। তেওঁৰ ওপৰত নজৰ সকলোৰেই। বৃহস্পতিবাৰে কলকাতা নাইট ৰাইডাৰ্ছ আৰু দিল্লী কেপিটেলছৰ খেল উপভোগ কৰিবলৈ আহিল ঋষভৰ গাৰ্লফ্ৰেইণ্ড। মেচ গেলাৰীত দেখা গৈছিল ঋষভৰ বান্ধৱী ঈশা নেগিক। এই সুদর্শনা আকৌ ঋষভৰ ভনীয়েকৰ সহপাঠীও। দুয়োকে একেলগেই দেখা গ’ল। ঈশা দিল্লীৰ এমিটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত স্নাতক ডিগ্ৰীধাৰী। তেওঁ ক্রিকেট অনুৰাগী। ঋষভৰ সৈতে চিনাকী হোৱাৰ আগৰ পৰাই ষ্টেডিয়ামলৈ আহি খেল উপভোগ কৰিছিল ঈশাই। এইবাৰ আৰু উৎসাহ বাঢ়িছে, কাৰণ তেওঁৰ বিশেষ বন্ধুৱে খেলিছে। আনকি ঋষভ দিল্লী দলৰ অধিনায়কো। পাঁচবছৰ ধৰি ঋষভৰ সৈতে ঈশাৰ সম্পর্ক। অষ্ট্ৰেলিয়াত প্রথমে তেওঁলোকৰ মাজৰ সম্পর্কৰ কথা ঘোষণা কৰিছিল ভাৰতৰ তাৰকা খেলুৱৈজনে। ইনষ্টাগ্রামত ফটোও দিছিল একেলগে। কিন্তু ভৰা গেলাৰীৰ সম্মুখত এই প্রথম প্রকাশ্যে আহিল তেওঁলোক। ঈশাৰ ফটো চৌদিশে বিয়পি পৰাত ঋষভৰ অনুৰাগীয়ে বিভিন্ন ধৰণৰ কমেণ্টেৰে ছ’চিয়েল মিডিয়া ভৰাই পেলাইছে। তাৰে মাজত কোনোবাই লিখিলে- ভাবী আ গয়ী। অৰ্থাত নবৌ আহি পালে। কোনোৱে লিখিলে- লেডী লাক… ইত্যাদি।

You might also like