নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছমৰীয়াৰ হাউলীটাৰীত ভয়ংকৰ অগ্নিকাণ্ড

  • এখন দোকান সম্পূৰ্নৰূপে জুইত ভষ্মীভূত
  • ৫ লক্ষ্যধিক টকাৰ সম্পত্তি জুইত জাহ

নিয়মীয়া বাৰ্তা;১০ মে-: কামৰূপৰ বকোৰ ছমৰীয়াৰ হাউলীটাৰীত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড।অগ্নিকাণ্ডত হাউলীটাৰীৰ পৰান মণ্ডল নামৰ এজন লোকৰ গেলামাল দোকানত হয় অগ্নিকাণ্ড।অগ্নিকাণ্ডত প্ৰায় ৫ লক্ষ্যাধিক টকাৰ সম্পত্তি সম্পুৰ্নৰূপে জুইত জাহ যায়।খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত ছমৰীয়া পহৰা চকীৰ আৰক্ষী বিষয়া জুলি দাসৰ নেতৃত্বত এটি আৰক্ষীৰ দল।খবৰ দিয়াৰ বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ দল।বকোৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ দল আহি পোৱাৰ আগেই দোকানখন সম্পূৰ্নৰূপে ভষ্মীভূত হয়।

প্ৰেৰক-ছমৰীয়া সত্ৰৰ পৰা প্ৰীতম বায়ন

You might also like