নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রীৰ উপস্থিতিত সৰুসজাইত ৰঙালীত বিহু নাচিব ১০ হাজাৰ নাচনী-বিহুৱাই

বিহুৱে গঢ়িব বিশ্ব অভিলেখ

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰী: অসমীয়াৰ প্রাণৰো আপোন বিহুনৃত্য এইবাৰ বিশ্ববাসীৰ সন্মুখত জিলিকি উঠিব৷ গীনিজ ৱর্ল্ড ৰেকর্ডত সন্নিৱিষ্ট কৰি বিশ্ববাসীৰ সন্মুখত অসমীয়াৰ এই কৃষ্টি প্রদর্শন কৰাৰ লক্ষ্যৰে প্রস্তুতি আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত অহা ১৪ এপ্রিলত ১০ হাজাৰ বিহুৱা–বিহুৱতীৰ অংশগ্রহণেৰে সৰুসজাইত বিশ্ব অভিলেখৰ প্রচেষ্টা চলোৱা হ’ব৷ আজি এখন সংবাদ মেলত এই কথা সদৰী কৰিছে ৰাজ্যৰ সাংস্কৃতিক পৰিক্রমা বিভাগৰ মন্ত্রী বিমল বড়াই৷ তেওঁ প্রকাশ কৰা অনুসৰি ইতিমধ্যে বিহু বিশেষজ্ঞসকলৰ মতামত এইক্ষেত্রত গ্রহণ কৰা হৈছে৷ বৰাক–ব্রহ্মপুত্র উপত্যকাত বিহুৰ প্রশিক্ষণ প্রদান কৰা হ’ব বুলি উল্লেখ কৰি মন্ত্রীগৰাকীয়ে কয়– ‘ইতিমধ্যে এই কার্যসূচীৰ বাবে জ্যেষ্ঠ মন্ত্রী কেশৱ মহন্ত, ডাঃ ৰণোজ পেগু, জয়ন্তমল্ল বৰুৱা আৰু মোৰ নেতৃত্বত এখন কমিটী গঠন কৰা হৈছে৷ তদুপৰি মুখ্য সচিব পৱন বৰঠাকুৰৰ নেতৃত্বত বিষয়া পর্যায়ৰ আন এখন কমিটীও গঠন কৰিছে৷ যাতে এই কার্যসূচী অনুষ্ঠিত কৰাৰ ক্ষেত্রত কোনোধৰণৰ খুটি–নাটি ৰৈ নাযায়৷ জিলাই জিলাই, অঞ্চলে অঞ্চলে বিহুৱা–বিহুৱতীসকল্ বিশেষজ্ঞসকলে নির্ধাৰণ কৰি দিয়া নৃত্যৰ প্রশিক্ষণ প্রদান কৰা হ’ব৷ যাতে ভাল ভাল বিহুৱা–বিহুৱতীসকল্ গীনিজ ৱর্ল্ড ৰেকর্ডছত তেওঁলোকৰ নাম অন্তর্ভুক্ত কৰিব পাৰে৷’ অহা ২০, ২১ আৰু ২২ ফেব্রুৱাৰীত গাঁৱে–ভূঞে বিহুৱা–বিহুৱতীসকল্ প্রশিক্ষণ প্রদান কৰিবলগীয়া প্রশিক্ষকসকলৰ বাবে এক বিশেষ প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত কৰা হ’ব বুলি মন্ত্রীগৰাকীয়ে উল্লেখ কৰি কয় যে বৰাক–ব্রহ্মপুত্র, পাহাৰীয়া জিলা, ডিমা হাছাও সকলোতে এই প্রশিক্ষকসকলে বিহুৰ প্রশিক্ষণ প্রদান কৰিব৷ ৰাজ্যৰ সকলো প্রান্তৰ পৰাই যাতে এই কার্যসূচীত প্রতিনিধিত্ব কৰা হয়, সেয়া নিশ্চিত কৰা হ’ব৷ সোমনাথ বৰা, ৰঞ্জিত গগৈ, বিমলা গগৈ, ড০ অনিল শইকীয়া, মহেন্দ্র চুতীয়া, প্রসন্ন গগৈ, স্মৃতিৰেখা চুতীয়া, মাধুৰিমা চৌধুৰী, সুদর্শন ঠাকুৰ আদিক লৈ এখন বিশেষজ্ঞ কমিটী গঠন কৰা হৈছে৷ বিহুনৃত্য কিদৰে উপস্থাপন কৰা হ’ব সেয়া বিশেষজ্ঞসকলে নির্ধাৰণ কৰি দিব৷ ১৫ মিনিটৰ বাবে গীনিজ ৱর্ল্ড ৰেকর্ডত নাম সন্নিৱিষ্ট কৰিবলৈ বিহু প্রদর্শন কৰা হ’ব৷ ইতিমধ্যে বিশেষজ্ঞ সমিতিৰ কেইবাখনো সভা অনুষ্ঠিত হৈছে৷ আনহাতে, সম্পূর্ণ পৰম্পৰাগত সাজ–পোছাক, আ–লংকাৰ, বাদ্যযন্ত্র আদিৰে সুশোভিত হৈ বিহুৱা–বিহুৱতীসকল্ বিহুনৃত্যত অংশগ্রহণ কৰিব বুলি প্রকাশ কৰি মন্ত্রীগৰাকীয়ে কয় যে কিদৰে এই বিহুনৃত্য উপস্থাপন কৰা হ’ব সেয়া গীনিজ ৱর্ল্ড ৰেকর্ডক অৱগত কৰিব লাগে৷ ইতিমধ্যে নাচনী, ঢুলীয়া, বিহুৱা–বিহুৱতীসকল্ পৰিধান কৰিবলগীয়া সাজ–পোছাক, আ–লংকাৰ তথা ব্যৱহাৰ হ’বলগীয়া বাদ্যযন্ত্রৰ বিষয়ে অৱগত কৰা হৈছে৷ এই কার্যসূচীৰ জৰিয়তে অসমীয়াৰ ঢ়োল, পেঁপা, গগনা, গামখাৰু, ডুগডুগী আদি বিশ্ববাসীয়ে চিনি পাব৷

You might also like