নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমান্তত চীনৰে উত্তেজনাৰ নিষ্পত্তি বিচাৰে ভাৰতে

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ: দেশৰ এক ইঞ্চিও ভূমি এৰি দিয়া নহ’ব বুলি চীনক পুনৰ সকীয়নি কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ৷ লাডাখৰ পূব প্রান্তত চীনা সেনাৰ সৈতে উত্তেজনা অব্যাহত থকাৰ সময়তে কালি ভাৰতীয় সেনাই দশেৰা উপলক্ষে আয়োজন কৰা শস্ত্র পূজাত অংশ লৈ চুবুৰীয়া ৰাষ্ট্র চীনক সকীয়নি দি প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে কয় যে লাডাখ সীমান্তত চীনৰ সৈতে উত্তেজনা শেষ হোৱাটো ভাৰতে বিচাৰে৷ কিন্তু এক ইঞ্চিও ভূমি এৰি দিয়া নহ’ব৷ পশ্চিমবংগৰ দার্জিলিং জিলাৰ সুকনাস্থিত ভাৰতীয় সেনাৰ ৩৩ ক’ৰৰ মুখ্য কার্যালয়ত শস্ত্র পূজাত অংশ লোৱা প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে পুনৰ কয় যে দেশৰ এক ইঞ্চিও ভূমি দেশৰ সেনাই আনে কাঢ়ি নিয়াত অনুমতি নিদিয়ে৷ পূজা সম্পন্ন কৰাৰ পাছত প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে চীনক সকীয়নি দি কয় যে ভাৰতে চীনৰ সৈতে সীমান্তত চলি থকা উত্তেজনা শেষ হোৱাটো বিচাৰে আৰু শান্তি ওভতাই অনাটো বিচাৰে৷ এয়া দেশৰ উদ্দেশ্য৷ কিন্তু এনে সময়তে কিছু জঘন্য ঘটনা ঘটি আছে৷ তেওঁৰ বিশ্বাস ভাৰতীয় সেনাই কাকো নিজ দেশৰ ভূমি আনে কাঢ়ি লোৱাৰ অনুমতি নিদিয়ে৷ এই অনুষ্ঠানত সেনাৰ মুৰব্বী জেনেৰেল এম এন নাৰাৱানে আৰু কেইবাগৰাকীও সেনাৰ শীর্ষ বিষয়া উপস্থিত থাকে৷ উল্লেখ্য যে ছিকিমৰ এল এ চিৰ সমীপত ছেৰাথাঙত প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে শস্ত্র পূজা কৰাৰ নির্ধাৰিত কার্যসূচী আছিল যদিও অনুকূল বতৰৰ বাবে সেই কার্যসূচী বাতিল কৰিবলগীয়া হয়৷ ইয়াৰ পৰিৱর্তে সুকনাত শস্ত্র পূজা সম্পন্ন কৰে প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে৷ শস্ত্র পূজা সমাপন কৰাৰ পাছত প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে সুকনাৰ পৰাই ভিডি’ কনফাৰেন্সযোগে ছিকিমত নির্মিত নতুন পথ এটা উদ্বোধন কৰে৷

ইপিনে, সন্ধিয়া সুকনাস্থিত ৩৩ ক’ৰৰ সেনাৰ সৈতে প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে বার্তালাপ কৰি দেশৰ সার্বভৌমত্ব আৰু ভূখণ্ডৰ সংহতি বর্তাই ৰখাৰ বাবে সেনাইৰ চূড়ান্ত বলিদানক প্রশংসা কৰে৷ লাডাখৰ এল এ চিত চীনা সৈন্যৰ সৈত অব্যাহত উত্তেজনাৰ পৰিপ্রেক্ষিতত ছিকিমৰ পৰা অৰুণাচল প্রদেশসহ সীমান্তৰ এলএচিৰ ৩,৫০০ কিলোমিটাৰত সেনাক অস্ত্র–শস্ত্রৰে মোতায়েন কৰি ৰখা হৈছে৷ প্রসংগক্রমে উনুকিয়াব লাগে যে যোৱা ১৫ জুনত লাডাখৰ গালৱান উপত্যকাত চীনা সৈন্যৰ হাতত ২০ ভাৰতীয় জোৱান শ্বহীদ হোৱাৰ পাছতে সীমান্ত অঞ্চলত চুবুৰীয়া ৰাষ্ট্রখনৰ সৈতে উত্তেজনা চলি আহিছে৷ লাডাখৰ এল এ চিৰ উত্তেজনা শেষ কৰিবলৈ দুই দেশৰ মাজত সামৰিক আৰু কূটনৈতিক আলোচনা চলি আছে যদিও এতিয়ালৈকে পৰিস্থিতি সুস্থিৰ হোৱা নাই৷

চীনা সৈন্যক প্রত্যাহ্বান জনাই ভাৰতীয় সেনাই লাডাখৰ পূব প্রান্তৰ পাংগং হ্রদৰ দক্ষিণ ঘাটিত কৌশলগতভাৱে গুৰুত্বপূর্ণ মুখপৰি, ৰেজাং লা আৰু মগৰ হিলত নিজৰ আধিপত্য বিস্তাৰ কৰি ৰখা পৰিপ্রেক্ষিততে চীনৰ পি এল এ গোপনে এই অঞ্চলকেইটা নিজৰ হাতলৈ নিয়াৰ বাবে ষড়যন্ত্র চলাই আছে৷ তেনে ষড়যন্ত্রৰ অংশ হিচাপে চীনৰ পি এল এ যোৱা ২৯ আৰু ৩০ আগষ্টৰ মাজনিশা ভাৰতীয় সৈন্যলৈ লক্ষ্য কৰি গুলীওৱাৰ তথ্য প্রচাৰ হৈছিল৷

You might also like