নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এল’চিত ৩,১৮৬ বাৰ যুদ্ধবিৰতি উলংঘন পাকৰ

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ জম্মু–কাশ্মীৰৰ এল’চিত চলিত বর্ষৰ আঠ মাহতে ৩,১৮৬ বাৰ যুদ্ধবিৰতি উলংঘন কৰিছে পাকিস্তানী সেনাই৷ কেন্দ্রীয় ৰাজ্যিক প্রতিৰক্ষা মন্ত্রী শ্রীপদ নাইকে ৰাজ্যসভাত পাকিস্তানী সেনাই এল’চিত যুদ্ধবিৰতি উলংঘন কৰাৰ এই তথ্য দাঙি ধৰিছে৷ চলিত বর্ষৰ ১ জানুৱাৰীৰ পৰা ৭ ছেপ্ঢেম্বৰলৈকে মাত্র ৮ মাহতে তিনি সহস্রাধিকবাৰ পাক সেনাই যুদ্ধবিৰতি উলংঘন কৰি বিগত ১৭ বছৰৰ অভিলেখ ভংগ কৰিছে৷ উল্লেখ্য যে ২০০৩ চনত তেতিয়াৰ প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ দিনত পাকিস্তানে সর্বাধিক যুদ্ধবিৰতি উলংঘনৰ অভিলেখ চলিত বর্ষৰ ৮ মাহতে ভংগ কৰি পাকিস্তানে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্র প্রকট কৰি তুলিছে৷ পাকিস্তানে তিনি সহস্রাধিকবাৰ যুদ্ধবিৰতি উলংঘন কৰাৰ লগতে জম্মু অঞ্চলত বিগত আঠ মাহৰ ভিতৰত ২৪২টা গুলীচালনা ঘটনা সংঘটিত হৈছে দুই দেশৰ সেনাৰ মাজত৷ উল্লেখ্য যে লাডাখ এল’চিত চীনা সৈন্য আৰু ভাৰতীয় সৈন্যৰ মাজত উত্তেজনা অব্যাহত থকাৰ সময়ত পাকিস্তানী সেনাই যুদ্ধবিৰতি উলংঘন বর্ধিত কৰিছে৷ পাকিস্তানী সেনাৰ গুলীবর্ষণত আঠগৰাকী সেনা জোৱানে প্রাণ হেৰুৱাৰ লগতে দুজন আহত হৈছে৷ আনপিনে, পাক সেনাৰ গুলীত শিশু–মহিলাসহ কেইবাজনো নিৰীহ লোকে প্রাণ হেৰুৱাইছে৷ বহুসংখ্যক বাসগৃহ আৰু জীৱ–জন্তু ৰখা ঘৰ ক্ষতিগ্রস্ত হৈছে।

You might also like