নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ দ্বিতীয় প্ৰৱাহঃ গ্ৰীচত পুনৰ লকডাউন

নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰঃ ক’ৰোনা মহামাৰীৰ দ্বিতীয় প্ৰৱাহক লৈ শংকিত হৈ পৰিছে ইউৰোপ। এই মহামাৰীয়ে ফ্ৰান্স, ইটালী, স্পেইনত সৃষ্টি কৰিছিল বিভীষিকা। দেশকেইখনে ক’ৰোনাৰ দ্বিতীয় প্ৰৱাহৰ বাবে সাজু হোৱাৰ সময়তে গ্ৰীচেও ঘোষণা কৰিলে লকডাউন।

দেশখনে দ্বিতীয়টো লকডাউন ঘোষণা কৰাৰ সময়ত প্ৰধানমন্ত্ৰী কিৰিয়াকোছ মিটছোটাকিছে উল্লেখ কৰে যে এই সিদ্ধান্ত কঠিন যদিও ক’ৰোনাৰ দ্বিতীয় প্ৰৱাহৰ পৰা মুক্তি পোৱাৰ বাবে তিনি সপ্তাহৰ বাবে লকডাউন ঘোষণা কৰা হৈছে।

উল্লেখ্য দেশখনত নতুনকৈ ২,৬৪৬ গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে ১৮গৰাকী লোক মৃত্যুমুখত পৰিছে।

You might also like