নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ শক্তি খণ্ডৰ ভৱিষ্যৎ উজ্জ্বল নিৰাপদ–নিৰাপত্তাই চৰকাৰৰ অন্যতম লক্ষ্য

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ: দেশৰ শক্তি খণ্ডৰ ভৱিষ্যৎ উজ্জ্বল৷ নিৰাপদ আৰু শক্তিৰ নিৰাপত্তাই চৰকাৰৰ অন্যতম প্রধান লক্ষ্য৷ এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ ইণ্ডিয়া এনার্জী ফ’ৰাম ভার্চুৱেলযোগে সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে এই মন্তব্য আগবঢ়াই কয় যে দেশৰ শক্তি খণ্ডৰ মানচিত্রখন ৭টা মুখ্য চালকৰ দ্বাৰা পৰিচালিত কৰিব লাগিব৷ সূর্য দেৱতাৰ ৰথ সাতটা ঘোঁৰাৰ দ্বাৰা চালিত হোৱাৰ লেখীয়াকৈয়ে দেশৰ শক্তি মানচিত্রখন সাতটা চালকৰ দ্বাৰা পৰিচালনা কৰিব লাগিব৷ প্রধানমন্ত্রী মোদীয়ে মন্তব্যত প্রকাশ কৰা সাতটা চালক হৈছে– গেছ আধাৰিত অর্থনীতিৰ দিশে পদক্ষেপ ক্ষিপ্রতৰ কৰি তুলিব লাগিব৷ পেট্র’লিয়াম আৰু কয়লাৰ লেখীয়া জীৱাশ্ম ইন্ধনক পৰিচ্ছন্ন ব্যৱহাৰত গুৰুত্ব দিব লাগিব৷ জৈৱ ইন্ধনক গুৰুত্ব দি ঘৰুৱা সম্পদৰ ওপৰত অধিক নির্ভৰশীল হ’ব লাগিব৷ ২০৩০ চনৰ ভিতৰত নবীকৰণ শক্তি ৪৫০ গিগাৱাট আহৰণ কৰাৰ বাবে লক্ষ্য নির্ধাৰণ সম্পূর্ণ কৰিব লাগিব৷ কার্বনবিহীন বিদ্যুতৰ অৰিহণা বৃদ্ধি কৰিব লাগিব৷

তদুপৰি হাইড্র’জেনকে ধৰি উজ্জীৱিত ইন্ধনৰ দিশে দেশক আগবঢ়াই নিব লাগিব৷ সমগ্র শক্তি পদ্ধতিৰ ডিজিটেল উদ্ভাৱনক গুৰুত্ব দিব লাগিব৷ শক্তি খণ্ডৰ মানচিত্রক এনেদৰে আগবঢ়াই নিব লাগিব বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে পুনৰ কয় যে মহামাৰী ক’ৰোনাসৃষ্ট পৰিস্থিতিৰ পৰিপ্রেক্ষিতত আন্তর্জাতিক শক্তিৰ চাহিদা এক তৃতীয়াংশ হ্রাস পাইছে৷ বিনিয়োগৰ ক্ষেত্রত কোম্পানীসমূহে অনীহা প্রকাশ কৰিছে৷ অর্থাৎ বিনিয়োগত নেতিবাচক প্রভাৱ পৰিছে৷ বিশ্বজুৰি শক্তি খণ্ডত চাহিদা হ্রাস পালেও তেওঁ বিশ্বাস কৰে যে আন্তর্জাতিক শক্তিৰ চাহিদা ভাৰতে পৰিচালিত কৰিব পাৰিব৷ দেশৰ শক্তি খণ্ডটো বিকাশকেন্দ্রিক, বিনিয়োগ বন্ধুত্বমূলক আৰু পৰিৱেশ সচেতনতামূলক হ’ব লাগিব বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে বিগত ৫ বছৰ ধৰি দেশৰ শক্তি খণ্ডত ৰূপান্তৰিত সংস্কাৰ আনিবলৈ সক্ষম হৈছে৷

বিগত ৫ বছৰ ধৰি দেশৰ সংস্কাৰ যাত্রা সকলো খণ্ডতে দ্রুতগতিত আগবাঢ়িছে আৰু এই প্রভাৱ শক্তি খণ্ডতো স্পষ্টৰূপত প্রতিফলিত হৈছে৷ দেশক গেছ আধাৰিত অর্থনীতি হিচাপে গঢ়ি তোলাত প্রধান্য দি প্রধানমন্ত্রী মোদীয়ে কয় যে দেশত প্রতি বছৰে তেল শোধনাগাৰৰ ক্ষমতা ২৫০ নিযুত টন হৈ আছে৷ ইয়াৰ পৰিমাণ প্রতি বছৰে ২০২৫ চনৰ ভিতৰত ৪৫০ নিযুত টন কৰিবলৈ পদক্ষেপ গ্রহণ কৰা হৈছে৷ দেশক আত্মনির্ভৰশীল কৰাৰ প্রতি গুৰুত্ব দিয়েই সকলো খণ্ডতে আত্মনির্ভৰ ভাৰত মন্ত্রক প্রাধান্য দিয়া প্রসংগ উল্লেখ কৰে প্রধানমন্ত্রী মোদীয়ে৷

You might also like