নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রাম্পলৈ বনজুইৰ প্রত্যাহ্বান

আগন্তুক ৩ নৱেম্বৰত হ’বলগীয়া আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনত সর্বাধিক প্রচাৰ লাভ কৰা বিষয়টোৱেই হৈছে জলবায়ু পৰিৱর্তন৷ দেশখনৰ তিনিখনকৈ প্রদেশত অব্যাহত আছে বিধ্বংসী বনজুই৷ নিউ অর্লিন, কেলিফর্নিয়া আৰু ৱাশ্বিংটন এতিয়া বনজুইৰ বিভীষিকাৰ কবলত আছে৷ তিনিওখন প্রদেশত বিধ্বংসী বনজুই বিগত তিনি সপ্তাহত প্রাণ হেৰুৱাইছে প্রায় ৪০গৰাকী লোকে৷ এতিয়াও সন্ধানহীন হৈ আছে অর্ধ শতাধিক লোক৷ বিধ্বস্ত হৈছে বহু হাজাৰ বাসগৃহ৷ কেইবা লাখো লোকে নিৰাপদ স্থান বিচাৰি পলায়ন কৰিছে৷ ক’ভিড–১৯ মহামাৰীৰ প্রাণঘাতী সংহাৰ অব্যাহত থকাৰ সময়তে বনজুই হৈ পৰিছে দেশখনৰ বাবে নতুন সংকট৷ আমেৰিকাৰ কেইবাখনো প্রদেশৰ অগ্ণিনির্বাপক সংস্থাই সদৰী কৰা অনুসৰি শেহতীয়া পঞ্জীৰ বনজুইত ২০ নিযুত একৰতকৈ অধিক অঞ্চল পুৰি ছাই হৈছে৷ কেইবাটাও দশকৰ পাছত দেশখনত বনজুইৰ এয়া এক অভিলেখ৷ লক্ষণীয়ভাৱে বনজুইৰ ফলত বিভিন্ন চহৰত প্রচণ্ড তাপ প্রবাহৰ সৃষ্টি হৈছে৷ প্রাণীকূলৰ স্বাভাৱিক জীৱন যাত্রালৈ নামি আহিছে তীব্র প্রত্যাহ্বান৷ বনজুইৰ এই কালৰূপ তিনিখন প্রদেশতে সীমাবদ্ধ হৈ থকা নাই৷ ন ন অঞ্চললৈ ইয়াৰ প্রসাৰ ঘটিছে তীব্র বতাহৰ বাবে৷ আমেৰিকাৰ দৰে বিজ্ঞান প্রযুক্তিৰ দ্বাৰা সমৃদ্ধ দেশখনৰ বাবেও বনজুই নির্বাপন কৰাটো কঠিন হৈ পৰিছে৷ লগে লগে দেশবাসীৰ মাজত বনজুয়ে সৃষ্টি কৰা তাপ প্রবাহৰ বিষয়টোক কেন্দ্র কৰিয়েই ৰাষ্ট্রপতি ট্রাম্পৰ জলবায়ু পৰিৱর্তন সন্দর্ভত আঁকোৰগোজ স্থিতিক লৈ পুনৰ সমালোচনা চলিছে৷ ৰাষ্ট্রসংঘৰ উদ্যোগত গোলকীয় উষ্ণতা হ্রাসৰ বাবে ফ্রান্সৰ ৰাজধানী পেৰিছত হোৱা গুৰুত্বপূর্ণ আন্তর্জাতিক সন্মিলনত বিশ্বৰ সকলো দেশে এক ঐতিহাসিক চুক্তি স্বাক্ষৰৰ বাবে সহমত পোষণ কৰিছিল৷ প্রথমবাৰৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধিৰ মোকাবিলা কৰিবলৈ ৰাষ্ট্রসংঘৰ উদ্যোগত পেৰিছ জলবায়ু চুক্তি স্বাক্ষৰ হৈছিল৷ এই পেৰিছ জলবায়ু চুক্তিৰ মূল উদ্যোক্তা আছিল ড’নাল্ড ট্রাম্পৰ পূর্বসূৰী বাৰাক অবামা৷ সকলো দেশে গ্রীন হাউছ গেছ নির্গমন হ্রাস কৰাৰ বিষয়টোত সহমত পোষণ কৰি আগন্তুক সময়ছোৱাত গোলকীয় উষ্ণতা ১.৫ ডিগ্রী চেলচিয়াছ হ্রাসৰ ক্ষেত্রত বিভিন্ন ব্যৱস্থা গ্রহণ কৰিব বুলি সংকল্প লৈছিল৷ কিন্তু ড’নাল্ড ট্রাম্পে আমেৰিকাৰ বহু উদ্যোগ প্রতিষ্ঠান বন্ধ হৈ পৰা আশংকা কৰিয়েই এই পেৰিছ জলবায়ু চুক্তিৰ পৰা সমর্থন প্রত্যাহাৰ কৰিছে৷ ট্রাম্পৰ এই সিদ্ধান্তক লৈ বিশ্বজুৰি সৃষ্টি হৈছে প্রতিক্রিয়া৷
শেহতীয়াকৈ দেশখনৰ ৰাষ্ট্রপতি নির্বাচনৰ প্রচাৰ অভিযানত ট্রাম্পৰ এই অবিবেচকী সিদ্ধান্তক লক্ষ্য হিচাপে লৈ প্রতিদ্বন্দ্বী ডেম’ক্রেটিক প্রার্থী জ’ বিডেন সৰৱ হৈ পৰিছে৷ আনকি বনজুয়ে গ্রাস কৰা অঞ্চলসমূহ পৰিদর্শন কৰি বিডেনে পেৰিছ জলবায়ু চুক্তিৰ প্রাসংগিকতা সন্দর্ভত দেশবাসীৰ ওচৰত ভাষণ দিছে৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ মোকাবিলা কৰাৰ ক্ষেত্রত বিগত চাৰিটা বছৰে ড’নাল্ড ট্রাম্পে যি নেতিবাচক স্থিতি গ্রহণ কৰিলে সেয়া আমেৰিকাবাসীৰ বাবে বিপদৰ পূর্বাভাস বুলিও বিডেনে অভিহিত কৰিছে৷ আনকি আগন্তুক ৰাষ্ট্রপতি নির্বাচনত ডেম’ক্রেটিক দলৰ বিজয় নিশ্চিত হ’লে বিডেন পেৰিছ জলবায়ু চুক্তিত আমেৰিকাই পুনৰ সহমত পোষণ কৰিব বুলি ঘোষণা কৰিছে৷ লক্ষণীয়ভাৱে কালব্যাধি হিচাপে চিহ্ণিত হোৱা ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীয়ে আমেৰিকাক বধ্যভূমিত পৰিণত কৰা বিষয়টো এইবাৰ ৰাষ্ট্রপতি নির্বাচনৰ আটাইতকৈ চর্চিত বিষয় হ’ব বুলি বিশেষজ্ঞ মহলে ধাৰণা কৰিছিল যদিও শেহতীয়াকৈ জলবায়ু পৰিৱর্তনৰ বিষয়টোক চর্চালৈ আনিছে ডেম’ক্রেটিক দলে৷ লগে লগে ট্রাম্পৰ সন্মুখত সৃষ্টি হৈছে নতুন প্রত্যাহ্বান৷ কাৰণ ৰাষ্ট্রপতিগৰাকীয়ে বিগত চাৰিটা বছৰত জলবায়ু পৰিৱর্তনৰ বিষয়টো সন্দর্ভত আমেৰিকাৰ জনসাধাৰণক পতিয়ন যাব পৰাকৈ কোনো কাম কৰি দেখুৱাব নোৱাৰিলে৷ বৰঞ্চ এক মহাবিপর্যয়ৰ দিশলৈ আমেৰিকাবাসীক ঠেলি দিয়া বুলি বিভিন্ন মহলে কৰি অহা সমালোচনা লাহে লাহে সত্য বুলি বিবেচিত হ’বলৈ ধৰিছে৷ গতিকে গভীৰ সংকটত পৰিছে ট্রাম্প তথা ৰিপাব্লিকান দল৷ হয়তো তিনিখন প্রদেশত চলি থকা বিধ্বংসী বনজুই কাল হৈ পৰিব পাৰে ড’নাল্ড ট্রাম্পৰ বাবে৷ দ্বিতীয়বাৰ বিশ্বৰ পৰাক্রমী ৰাষ্ট্রখনৰ ৰাষ্ট্রপতি নির্বাচিত হোৱাৰ স্বপ্ণ ধূলিস্যাৎ হ’ব পাৰে ট্রাম্পৰ৷

You might also like