নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৬/১১ৰ মুম্বাই আক্রমণৰ মাষ্টাৰ মাইণ্ড ছাজিদ মীৰ জীৱিত, পাকিস্তানত গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ ২৬/১১ মুম্বাই সন্ত্রাসবাদী আক্রমণৰ মাষ্টাৰমাইণ্ড ছাজিদ মীৰ জীৱিত৷ দুবছৰ পূর্বে মৃত্যু হোৱা বুলি ঘোষণা কৰা সন্ত্রাসবাদী ছাজিদ মীৰক পাকিস্তানত গ্রেপ্তাৰ কৰা হৈছে৷ এফএটিএফৰ গ্রে তালিকাত সন্নিৱিষ্ট হোৱাৰ শংকাতেই পাকিস্তানে ২৬/১১ মুম্বাই আক্রমণৰ মাষ্টাৰ ছাজিদ মীৰক গ্রেপ্তাৰ কৰা বুলি সংবাদ মাধ্যমত প্রচাৰ হৈছে৷ ইপিনে, জইচ–ই–মহম্মদৰ মুৰব্বী মৌলানা মাছুদ আজহাৰ এতিয়াও ক’ত আছে সেয়া পাকিস্তান চৰকাৰে সন্ধান পোৱা নাই বুলি প্রকাশ পাইছে৷

উল্লেখ্য যে পাকিস্তান চৰকাৰৰ পৃষ্ঠপোষকতাতেই জীৱন কটাই থকা জইচ–ই–মহম্মদৰ মুৰব্বী আজহাৰৰ চৰকাৰে সন্ধান পোৱা নাই বুলি প্রকাশ কৰাটোৱেই দেশখনৰ সন্ত্রাসবাদী সন্দর্ভত চৰকাৰখনৰ দুমুখীয়া নীতি স্পষ্ট কৰি দিছে৷ ২০২০ চনত হিন্দুস্তান টাইমছত প্রকাশিত বাতৰি মতে, ছাজিদ মীৰৰ গুলীচালনাত মৃত্যু হৈছিল৷ আন এটা তথ্য মতে, ছাজিদ মীৰ লাহোৰ কিম্বা ৰাৱালপিণ্ডিত আইএছআইৰ তত্ত্বাৱধানত আছিল৷

You might also like