নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জামিন বিচাৰি হাইক’ৰ্টত জোনমণি ৰাভা

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ ধন আত্মসাতৰ গোচৰত অভিযুক্ত হৈ বিতর্কৰ আৱর্তত সোমাই পৰা গড়মূৰ আৰক্ষী থানাৰ উপ–পৰিদর্শক জোনমণি ৰাভাই জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে৷ যোৱা ৪ জুনত গ্রেপ্তাৰ হোৱা ৰাভাৰ জামিন আবেদনৰ শুনানি গ্রহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে তদন্তকাৰী আৰক্ষীক গোচৰটোৰ কেছ ডায়েৰী দাখিল কৰিবলৈ নির্দেশ দিছে৷ জুলাইৰ প্রথম ভাগতে পুনৰ আবেদনৰ শুনানি উচ্চ ন্যায়ালয়ে গ্রহণ কৰিব৷ আজি ৰাভাৰ আবেদনৰ শুনানি গ্রহণ কৰি তেওঁক কোনোধৰণৰ অন্তর্ৱর্তীকালীন সকাহ উচ্চ ন্যায়ালয়ে প্রদান নকৰিলে৷

উল্লেখ্য যে হ’বলগীয়া স্বামী ৰাণা পগাগক গ্রেপ্তাৰ কৰি সংবাদ শিৰোনাম দখল কৰিছিল জোনমণি ৰাভাই৷ অ’ এন জি চিত বিভিন্ন কাম প্রদানৰ আশ্বাসেৰে বহুসংখ্যক লোকৰ পৰা ধন আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপন কৰি ৰাভাই ৰাণা পগাগক গ্রেপ্তাৰ কৰিছিল৷ কিন্তু পৰৱর্তী সময়ত ধন আত্মসাতৰ ক্ষেত্রত জোনমণি ৰাভাও জড়িত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হয়৷ আনকি ধন দাবী কৰা ফোন ৰেকর্ডিং ভাইৰেল হৈ পৰে৷ ইয়াৰ পাছতে বিতর্কৰ আৱর্তত জোনমণি ৰাভা সোমাই পৰে৷ পৰৱর্তী সময়ত কেইবাদিনো ধৰি জেৰা কৰাৰ পাছত জোনমণি ৰাভাক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷

ইতিমধ্যে মাজুলী জিলা আৰু সত্র ন্যায়াধীশৰ আদালতত তেওঁ জামিন আবেদন দাখিল কৰিছিল যদিও কোনো সকাহ লাভ কৰা নাছিল৷ নিম্ন আদালতত জামিন আবেদন নাকচ হোৱাৰ পাছত ইতিমধ্যে নিলম্বিত জোনমণিয়ে সকাহ বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ উচ্চ ন্যায়ালয়ৰ মজিয়াত ৰাভাৰ হৈ যুক্তি প্রদান কৰে অধিবক্তা বিজন মহাজনে৷ তেওঁক সহযোগিতা কৰে অধিবক্তা আর্শ্বাদ চৌধুৰীয়ে৷ চৰকাৰী পক্ষৰ হৈ অধিবক্তা বি বি গগৈয়ে যুক্তি প্রদর্শন কৰে৷

You might also like