নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষি বিষয়ত মনমোহন সিঙে দিয়া পৰামৰ্শ মই মাত্ৰ পালন কৰিছোঁঃ ৰাজ্যসভাত কিয় ক’লে মোদীয়ে

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ প্ৰধানমন্ত্ৰী মোদীয়ে আজি ৰাজ্যসভাত ৰাষ্ট্ৰপতিয়ে দিয়া অভিভাষণৰ বিতৰ্কৰ উত্তৰজনিত ভাষণত আন্দোলন বন্ধ কৰাৰ বাবে আহ্বান জনায় কৃষকক। ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি আইনক লৈ কংগ্ৰেছৰ বিৰোধী স্থিতিক সমালোচনা কৰে।

মোদীয়ে কয় যে কংগ্ৰেছে কৃষি আইনক লৈ সমালোচনা কৰিছে যদিও পূৰ্বৰ কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে নিজেই কৃষিক্ষেত্ৰৰ সংস্কাৰ বিচাৰিছিল।

এই প্ৰসংগত তেওঁ কয়- ‘মই মনমোহন সিঙৰ এটা বাক্য আপোনালোকক পঢ়াই শুনাব বিচাৰো। যিসকলে ইউ ইউ টাৰ্ন ল’ব বিচাৰিছে, তেওঁলোকে মোৰ কথা মানে বা নামানে, কিন্তু মনমোহন সিঙৰ কথা মানিবও পাৰে।’

এইদৰে উল্লেখ কৰি প্ৰধানমন্ত্ৰিত্বৰ কালত মনমোহন সিঙে লিখা এই বাক্য পঢ়ে মোদীয়ে- ‘১৯৩০ৰ দশকৰ বিপণন ব্যৱস্থাৰ কাৰণে এনে কিছু কঠোৰতা আছে, যিয়ে আমাৰ কৃষকক নিজৰ শস্য উচ্চ মূল্যত বিক্ৰী কৰাত বাধা প্ৰদান কৰে। আমাৰ উদ্দেশ্য এক ডাঙৰ সাধাৰণ (কমন) বজাৰ হিচাপে ভাৰতৰ বিশাল সম্ভাৱনা উপলব্ধি কৰি এনে সকলো প্ৰতিবন্ধকতা দূৰ কৰা।’

মনমোহন সিঙৰ মন্তব্য উদ্ধৃত কৰি মোদীয়ে একপ্ৰকাৰ কংগ্ৰেছ চৰকাৰৰ দিনতে যে কৃষি ব্যৱস্থাক লৈ সংস্কাৰৰ কথা ভবা হৈছিল প্ৰকাশ কৰে। দেশৰ কৃষকসকলকো এই প্ৰসংগত তেওঁ বিকাশৰ বাবে পৰিৱৰ্তন অৱশ্যম্ভাৱী বুলি উল্লেখ কৰে।

কিন্তু কংগ্ৰেছৰ ইউটাৰ্নক লৈ উদ্বেগ প্ৰকাশ কৰি তেওঁ পুনৰ কয়- ‘তেখেতে এখন ডাঙৰ সাধাৰণ (কমন) বজাৰৰ কথা কৈছিল। এই তিনি আইনেও তাকেই কৈছে। আপোনালোকৰ গৰ্ব হোৱা উচিত যে মোদীয়ে মনমোহন সিঙৰ পৰামৰ্শ অনুসৰি কাম কৰিছে।’

You might also like