নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রৰ আঁচনিৰ পৰা দুখীয়াক বঞ্চিত কৰিছে মমতা বেনার্জীয়ে

পশ্চিমবংগত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

নিয়মীয়া বাৰ্তা ৬ নৱেম্বৰঃ দুদিনীয়া কার্যসূচীৰে পশ্চিমবংগ ভ্রমণৰ অংশ হিচাপে আজি বাংকুৰাত এক সমাৱেশ সম্বোধন কৰি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৰাজ্যখনৰ মুখ্যমন্ত্রী মমতা বেনার্জীক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয় যে পশ্চিমবংগৰ জনতা মুখ্যমন্ত্রী মমতা বেনার্জীৰ ওপৰত ক্ষুব্ধ হৈছে৷ তেওঁ জনতাৰ চকুত এয়া দেখিবলৈ পাইছে যে তেওঁলোকক পৰিৱর্তন লাগে৷ যিটো প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধীনতে সম্ভৱ হৈ উঠিব৷ মমতা বেনার্জী নেতৃত্বাধীন চৰকাৰখনে কেন্দ্রীয় চৰকাৰৰ ৮০তকৈ অধিক আঁচনিৰ সুবিধা নলৈ ৰাজ্যখনৰ দুখীয়াক বঞ্চিত কৰিছে৷ কিংবদন্তি জনজাতীয় নেতা বীৰছা মুণ্ডাৰ প্রতিমূর্তিত মাল্যার্পণ কৰি সমাৱেশত অংশ লোৱা গৃহমন্ত্রী শ্বাহে কয় যে জনজাতীয় অধ্যুষিত অঞ্চলসমূহত গৃহ নির্মাণৰ টকা লাভ নকৰে৷ আনকি কেন্দ্রীয় চৰকাৰে কৃষকক দিয়া বার্ষিক ৬ হাজাৰ টকা সাহায্যৰ পৰাও বঞ্চিত হৈ আছে৷ ৰাজ্যখনত বিজেপি কর্মীৰ বিৰুদ্ধে যিদৰে আক্রমণ তৃণমূল কংগ্রেছৰ কর্মীয়ে অব্যাহত ৰাখিছে ইয়াকে লৈ এয়া নিশ্চিত যে বংগত পৰৱর্তী নির্বাচনত দুই–তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে বিজেপিয়ে চৰকাৰ গঠন কৰিব৷ সীমান্তৰ ৰাজ্য হিচাপে পশ্চিমবংগই দেশৰ নিৰাপত্তাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আছে বুলিও কয় গৃহমন্ত্রীগৰাকীয়ে৷ তাৎপর্যপূর্ণ যে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ পশ্চিমবংগ ভ্রমণৰ প্রতি লক্ষ্য ৰাখিয়েই কালি মুখ্যমন্ত্রী বেনার্জীয়ে ২৫ হাজাৰ শৰণার্থী পৰিয়ালক ভূমিপট্টা প্রদান কৰি ৰাজ্যখনত মুঠ ১.২৫ লাখ পৰিয়ালক মাটিৰ অধিকাৰ দিয়া হ’ব বুলি ঘোষণা কৰিছিল৷ উল্লেখ্য যে অহা বর্ষত ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নির্বাচনত তৃণমূল কংগ্রেছ নেতৃত্বাধীন চৰকাৰখন উৎখাত কৰাৰ লক্ষ্যৰে পশ্চিমবংগ ভ্রমণ কৰিছে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে৷

You might also like