নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৌগোলিক অখণ্ডতাক লৈ অংগীকাৰবদ্ধ ভাৰত

নেচনেল ডিফেন্স কলেজত প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিং

নিয়মীয়া বাৰ্তা ৬ নৱেম্বৰঃ একপক্ষীয় আৰু আগ্রাসনৰ সন্মুখীন হ’লেও দেশৰ সার্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা সুৰক্ষিত কৰি ৰাখিবলৈ ভাৰত অংগীকাৰবদ্ধ৷ এই মন্তব্য কেন্দ্রীয় প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙৰ৷ নেচনেল ডিফেন্স কলেজৰ দ্বাৰা আয়োজিত ভার্চুৱেল ছেমিনাৰত অংশ লৈ পৰোক্ষভাৱে চীনৰ আগ্রাসন সন্দর্ভত এই মন্তব্য আগবঢ়াই কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে কয় যে সীমান্তৰ অস্থিৰতা আৰু বিবাদ আলোচনাৰ জৰিয়তে সমাধানত ভাৰতে গুৰুত্ব দি আহিছে৷ দুই দেশৰ মাজত থকা মতভেদ আলোচনাৰ মাজেৰেই সমাধান কৰাত প্রাধান্য দিয়া ভাৰতে বিভিন্ন চুক্তিক সন্মান প্রদর্শন কৰি আহিছে৷ যদি কোনো দেশে ভাৰতত সার্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতাৰ প্রতি ভাবুকিৰ সৃষ্টি কৰিব বিচাৰে, তেনেহ’লে সেই দেশক উচিত প্রত্যুত্তৰ দিবলৈ নতুন দিল্লীয়ে কুণ্ঠাবোধ নকৰে৷ লাডাখৰ সীমান্তত চীনা সেনাৰ সৈতে হোৱা সংঘাতৰ ফলত সৃষ্ট পৰিস্থিতি সাত মাহ ধৰি চলি থকাৰ প্রসংগ উল্লেখ কৰি প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে কয় যে ভাৰত হৈছে শান্তিপ্রিয় দেশ৷ দেশে বিশ্বাস কৰে মতভেদ বিবাদলৈ ৰূপান্তৰিত নহওক৷ এনে কাৰণতেই চুবুৰীয়া ৰাষ্ট্রখনৰ সৈতে সামৰিক আৰু কূটনৈতিক সজাগতা আলোচনাৰ জৰিয়তে সীমান্তৰ বিবাদ মীমাংসা কৰাৰ পক্ষত আছে৷ দেশীয়ভাৱে প্রতিৰক্ষা সামগ্রী উৎপাদনেৰে দেশৰ সামৰিক শক্তি বৃদ্ধি কৰাত প্রাধান্য দি থকা বুলিও ভাষণত উল্লেখ কৰি সন্ত্রাসবাদক লৈ দুমুখীয়া নীতি গ্রহণ কৰি থকা পাকিস্তানকো সমালোচনা কৰে প্রতিৰক্ষামন্ত্রীগৰা৷

You might also like