নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাস্থ্য মন্ত্রালয়ৰ গুৰুত্বপূর্ণ নির্দেশনাঃ হাস্পতালত ভর্তি হওঁতে নালাগে ক’ভিড পজিটিভ ৰিপ’ৰ্ট

নিয়মীয়া বাৰ্তা ৯ মেঃ ঘাতক ন’ভেল ক’ৰোনা ভাইৰাছৰ দ্রুতগতিত সংক্রমণৰ পৰিপ্রেক্ষিতত ক’ভিড সুবিধা থকা হাস্পতালত ক’ভিড–১৯ ৰোগী ভর্তিৰ ক্ষেত্রত ৰাষ্ট্রীয় নীতি–নির্দেশনা সংশোধন কৰিছে কেন্দ্রীয় চৰকাৰে৷

কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে এক বিবৃতিত প্রকাশ কৰা মতে, ৰোগীকেন্দ্রিক পদক্ষেপ গ্রহণৰ প্রতি লক্ষ্য ৰাখি ক’ভিড–১৯ত আক্রান্ত ৰোগীয়ে যাতে ফলপ্রসূ, ক্ষিপ্রতৰ চিকিৎসা লাভ কৰে, তাৰ বাবেই নীতি–নির্দেশনা সংশোধন কৰা হৈছে৷ কেন্দ্রীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ অধীনৰ হাস্পতালৰ লগতে ব্যক্তিগত হাস্পতাল কর্তৃপক্ষক নির্দেশনা জাৰি কৰিছে৷ এই নির্দেশনা অনুসৰি চিকিৎসাৰ বাবে হাস্পতালত ভর্তি হোৱা কোনো ৰোগীয়ে ক’ভিড–১৯ পজিটিভ পৰীক্ষাৰ ফলাফলৰ ৰিপ’ট দেখুওৱাটো বাধ্যতামূলক নহয়৷ অর্থাৎ হাস্পতালসমূহত ৰোগী ভর্তি হ’বলৈ ক’ভিড–১৯ পজিটিভ ফলাফলৰ ৰিপ’ট নালাগে৷ ইয়াৰ অর্থ এয়ে যে ক’ভিড–১৯ত আক্রান্ত হোৱাৰ সন্দেহজনক ৰোগীয়ে চিচিচি, ডিচিএইচচি অথবা ডিএইচচিত ভর্তি হ’ব পাৰিব৷ কোনো কাৰণতে ৰোগীয়ে হাস্পতালত চিকিৎসাৰ পৰা বঞ্চিত হ’ব নোৱাৰিব৷

অক্সিজেন অথবা অত্যাৱশ্যকীয় ঔষধকে ধৰি চিকিৎসাত প্রয়োজনীয় সকলো ৰোগীজনে লাভ কৰিব লাগিব যদি ৰোগীজন বেলেগ চহৰৰ হয়৷ অর্থাৎ যিকোনো চহৰৰ ৰোগীয়ে চিকিৎসালয়ত ভর্তি হ’লে চিকিৎসা সেৱা লাভ কৰিব লাগিব৷ পৰিচয়–পত্র দেখুৱাব নোৱাৰিলেও যিকোনো ৰোগীক হাস্পতালত ভর্তি হোৱাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব৷ এই ৰোগীজন যদি অন্য চহৰৰো হয়, তেতিয়াও পৰিচয়–পত্র দেখুৱাব নোৱাৰিলেও চিকিৎসালয়ে ভর্তি কৰাব লাগিব৷ হাস্পতালসমূহে আৱশ্যকতাৰ ভিত্তিত ৰোগীক ভর্তি কৰাব লাগিব৷ যি লোকক হাস্পতালত ভর্তি হৈ থকাৰ প্রয়োজন নাই, তেনে লোকক হাস্পতালৰ বিছনা দখল কৰি থাকিবলৈ দিব নালাগিব৷ হাস্পতালৰ পৰা ডিচার্জ কৰাৰ ক্ষেত্রতো স্বাস্থ্য মন্ত্রালয়ৰ নীতি কঠোৰভাৱে মানিব লাগিব৷

You might also like