নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ন’বেল শান্তিৰ বঁটা লাভ কৰিব পাৰে নৰেন্দ্র মোদীয়ে!

নিয়মীয়া বাৰ্তা, ১৭ মার্চ:  প্রধানমন্ত্রী নৰেন্দ্র মোদী শান্তিৰ ন’বেল বঁটাৰ কাৰণে শক্তিশালী প্রতিদ্বন্দ্বী৷ যদি প্রধানমন্ত্রী মোদীয়ে শান্তিৰ ন’বেল বঁটা লাভ কৰে, ই হ’ব যোগ্য নেতাজনৰ কাৰণে এটা ঐতিহাসিক মুহূর্ত৷ এই তাৎপর্যপূর্ণ মত নৰৱেৰ ন’বেল কমিটীৰ উপ–মুৰব্বী এছলে ট’জেৰ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী আজি বিশ্বত শান্তিৰ কাৰণে সবাতোকৈ গুৰুত্বপূর্ণ নেতা হৈ পৰিছে বুলি উল্লেখ কৰি উপ–মুৰব্বী ট’জেই প্রধানমন্ত্রী মোদীয়ে শান্তিৰ ন’বেল বঁটা লাভ কৰিব পাৰে বুলি বিশ্বাস কৰে৷ ৰাছিয়া আৰু ইউক্রেইনৰ মাজৰ যুদ্ধত প্রধানমন্ত্রী মোদীৰ ইতিবাচক হস্তক্ষেপক ভূয়সী প্রশংসা কৰি উপ–মুৰব্বী ট’জেই কয় যে যুদ্ধৰত দেশৰ মাজত আলোচনা আৰু শান্তি প্রতিষ্ঠাৰ ক্ষেত্রত সক্ষম এগৰাকী বিশ্বাসী নেতা হৈছে প্রধানমন্ত্রী মোদী৷ তদুপৰি উপ–মুৰব্বীগৰাকীয়ে কয় যে ভাৰতে উচ্চস্বৰে কথা নকয়, কাকো ভাবুকি নিদিয়ে, দেশখনে মাথোঁ বন্ধুত্বমূলক আচৰণেৰে নিজৰ স্থিতি গ্রহণ কৰে৷ সম্প্রতি ভাৰত এনে এখন শক্তিশালী দেশত পৰিণত হৈছে যে বিশ্বই এতিয়া ভাৰতৰ কথা শুনিবলৈ দ্বিধা নকৰে বুলি কয় ট’জেই৷ ইউক্রেইনৰ সৈতে যুদ্ধৰত ৰাছিয়াক পৰমাণু অস্ত্র ব্যৱহাৰৰ ক্ষেত্রত সতর্ক কৰি বিশ্ব শান্তিৰ বাবে ইতিবাচক পদক্ষেপ লোৱা প্রধানমন্ত্রী মোদীক প্রশংসা কৰি ট’জেই কয়– কিছুবছৰ পূর্বে মোদী প্রধানমন্ত্রী হৈছে আৰু এতিয়া বিশ্বৰ এগৰাকী ৰাষ্ট্র নেতা হিচাপে স্বীকৃত হৈছে৷ মই ভাবোঁ যে মোদীৰ সক্ষমতা আৰু নেতৃত্বই উন্নয়নশীল দেশখনক বিশ্বৰ এখন প্রধান অর্থনৈতিক দেশলৈ ৰূপান্তৰিত কৰিব৷ ভাৰত সমৃদ্ধিশালী আৰু শক্তিশালী দেশলৈ ৰূপান্তৰিত হৈ আছে প্রধানমন্ত্রী মোদীয়ে ৰূপায়ণ কৰা নীতিৰ বাবে৷ উল্লেখ্য যে বহু লোকে প্রধানমন্ত্রী মোদীয়ে গ্রহণ কৰা নীতিৰ বাবে অর্থনৈতিক বিকাশৰ হাৰ বৃদ্ধিৰ লগতে দৰিদ্রতা নির্মূল আৰু আন্তর্জাতিক সম্পর্ক উন্নীত কৰাৰ বাবেই প্রধানমন্ত্রী মোদীক শান্তিৰ ন’বেল বঁটা প্রদানৰ পোষকতা কৰি আহিছে৷ আন্তর্জাতিক যোগ দিৱস আৰু আন্তর্জাতিক সৌৰ জোঁটৰ লেখিয়া গুৰুত্বপূর্ণ পদক্ষেপত মোদীৰ ভূমিকাক উচ্চ প্রশংসা কৰে ট’জেই৷ তাৎপর্যপূর্ণ যে নৰৱেৰ শান্তিৰ ন’বেল বঁটা কমিটীৰ সদস্য, বিদেশী নীতি বিশেষজ্ঞ এছলে ট’জেই ভাৰত ভ্রমণৰ সময়ত সংবাদ মাধ্যমৰ সৈতে হোৱা কথোপকথনত প্রধানমন্ত্রী সন্দর্ভত এই মন্তব্য কৰি দেশবাসীৰ দৃষ্টি আকর্ষণ কৰিছে৷

You might also like