নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰৌতাত বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালা  

নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চ :  অসমীয়াৰ প্ৰাণৰো প্ৰাণ বাপতি সাহোন বহাগৰ ৰঙালী বিহুলৈ মাজতে মাথোঁন একমাহ আছে । তদুপলক্ষে ৰাজ্যখনৰ চৌদিশতে এতিয়া ৰঙালী বিহুৰ ব’হাগক আদৰণি জনোৱাৰ বাবে  ব্যাপক ভাৱে আয়োজন চলি আছে । সেয়ে ৰাজ্যখনৰ ঠায়ে ঠায়ে ৰঙালী বিহুৰ কৰ্মশালা  আৰম্ভ হোৱা দেখা গৈছে । গতিকে সমান্তৰালকৈ বিটিআৰৰ  ওদালগুৰি জিলাৰখনো এই ক্ষেত্ৰত পিছপৰি থকা নাই । ৰৌতা চাৰিআলিৰ বিহু উদযাপন সমিতিৰ পৰা জনা মতে  ৭০ নম্বৰ মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত  ৰৌতাৰ দণ্ডচহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত    অইন বছৰৰ দৰে এইবেলিও ৰৌতাৰ অসমী বিহু দলৰ উদ্যোগত আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ বসতিস্হল বৃহত্তৰ ৰৌতাবাসী ৰাইজৰ সহযোগত  কৰ্মশালাৰ আয়োজন কৰিছে । গতিকে  অহা ১৯ মাৰ্চৰ পৰা  ২৬ মাৰ্চলৈকে আঠদিনীয়াকৈ   বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে  । ৰৌতা চাৰিআলিৰ  ৰঙালী বিহু সন্মিলন উদযাপন সমিতিৰ পৰা জনা মতে এই আঠদিনীয়া বিহু প্ৰশিক্ষণত মুখ্য প্ৰশিক্ষক হিচাপে ওদালগুৰি জিলা বিহু সুৰক্ষা সমিতিৰ উপদেষ্টা বিহুৰাণী  গীতাঞ্জলি দেৱী আৰু মিঠু বড়োই অংশগ্ৰহণ কৰাৰ লগতে বিহুৱা হিচাপে গণেশ ডেকা আৰু  তপন  বৰাই অংশ গ্ৰহণ কৰিব । তদুপৰি সহকাৰী প্ৰশিক্ষক হিচাপে লক্ষীমপুৰৰ সীমান্ত কোঁৱৰ , মৰিগাঁওৰ ৰাহুল দাস ,  মৰাণৰ তেজস্বিনী গগৈ আৰু তেজপুৰৰ   ভাস্কৰ কাকতিৰ উপৰিও অসমী বিহু দলৰ বিহুৱা আৰু বিহুৱতী সকলে অংশ গ্ৰহণ কৰি প্ৰশিক্ষণ আগবঢ়াব ।   কলা-কৃষ্টি  সংস্কৃতিৰ উপৰিও বৌদ্ধিক জ্ঞানৰ লগতে কৌশলী প্ৰতিযোগিতাৰ জৰিয়তে বিহুৰ মানদণ্ড উন্নত কৰাৰ প্ৰয়াস কৰা অনুষ্ঠানটোত স্হানীয় ৰাইজৰ সহায় – সহযোগিতা উদ্যোগক্তাসকলে আন্তৰিকতাৰে কামনা কৰিছে । আনহাতে এই কৰ্মশালাত অংশগ্ৰহণ কৰিব বিচৰা আগ্ৰহী যুৱক যুৱতীসকলক সময়ৰ আগতেই প্ৰপত্ৰ সংগ্ৰহ কৰিবলৈ  ম’বাইলৰ ৭০০২৯১৩৯১৫ নাইবা ৯১০১৫৪৮৮৫৬ অথবা ৯১০১৬০৮৯৭২ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোগক্তা সকলো আহ্বান জনাইছে ।
You might also like