নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছবছৰে এচপৰা ইটাও পৰা নাই বাবৰি মছজিদৰ প্রস্তাৱিত ভূমিত, এতিয়াও আঁতৰা নাই অনিশ্চয়তা

নিউজ ডেস্ক, ৭ ডিচেম্বৰ : ২০১৯ চনৰ ৯ নৱেম্বৰত সর্বোচ্চ ন্যায়ালয়ৰ ৰায়দানে বিবাদিত এলেকাত ৰাম মন্দিৰ নির্মাণৰ বিপৰীতে সেই ঠাইৰ পৰা ২২ কিলোমিটাৰ আঁতৰত ধনীপুৰ গাঁৱত বাবৰি মছজিদৰ বাবে ৫ একৰ ভূমি আবণ্টনৰ নির্দেশ দিয়ে৷

এই নির্দেশৰ ভিত্তিত ২০২০ চনৰ ৫ আগষ্টত শ্রীৰাম জন্মভূমি তীর্থক্ষেত্র ট্রাষ্টে ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰি ২০২৪ চনৰ ২২ জানুৱাৰীত উদ্বোধন কৰে৷ শেহতীয়াকৈ ২৫ নৱেম্বৰত ধ্বজাৰোহণেৰে মন্দিৰৰ নির্মাণকার্য সমাপ্ত কৰে প্রধানমন্ত্রী মোদীয়ে৷ কিন্তু ইয়াৰ বিপৰীতে বাবৰি মছজিদৰ প্রস্তাৱিত ভূমিত আজিলৈকে এচপৰা ইটাও পৰা নাই৷ মছজিদ নির্মাণৰ বাবে গঠিত ইন্দো-ইছলামিক কালচাৰেল ফাউণ্ডেচনে প্রস্তাৱিত ভূমিত মছজিদৰ লগতে এখন চিকিৎসালয়, সামূহিক পাকঘৰ আৰু পুথিভঁৰাল নির্মাণৰ কথা উল্লেখ কৰি এখন নক্সাও প্রদর্শন কৰিছিল৷

শেহতীয়াকৈ সেই ডিজাইনো নাকচ কৰা হৈছে৷ উচ্চতম ন্যায়ালয়ে দিয়া ৫ একৰ ভূমিতকৈ অধিক ভূমিৰ প্রয়োজন বুলি দাবী কৰি ভূমি অধিগ্রহণৰ সমস্যাৰ বাবে কাম আগবঢ়াব পৰা নাই বুলি কয় ট্রাষ্টৰ বিষয়ববীয়াই৷ তেওঁ অৱশ্যে ২০২৬ চনৰ এপ্রিলত নির্মাণকার্য আৰম্ভ হোৱাৰ সম্ভাৱনা আছে বুলি কয়৷

You might also like