বিশেষ বাৰ্তা, লখিমপুৰ, ৭ ডিচেম্বৰ : ৰাজ্যৰ ভিতৰতে নজিৰ স্হাপন কৰি আজি লখিমপুৰত অনুষ্ঠিত হ’ল বিনামূলীয়া গ্ৰন্থমেলা। লখিমপুৰৰ পৰা অসমৰ বৌদ্ধিক ক্ষেত্রখনলৈ গ’ল এক সুকীয়া বাৰ্তা। নজিৰবিহীনভাৱে ত্ৰিশ সহস্ৰাধিক গ্ৰন্থ সম্ভাৰেৰে অনুষ্ঠিত হ’ল বিনামূলীয়া গ্ৰন্থমেলাখন।
প্ৰসিদ্ধ সাহিত্যিক হোমেন বৰগোহাঞিৰ জন্মদিন উপলক্ষে আয়োজন কৰা এই গ্ৰন্থমেলাখন জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হয়। জনহিতৈষী পুথিভঁৰালৰ উদ্যোগত নগৰৰ সমীপৰ আজাদ এলেকাৰ নৱজ্যোতি ৰংগমঞ্চত এদিনীয়াকৈ বিনামূলীয়া গ্ৰন্থমেলাখন অনুষ্ঠিত কৰা হয়।
জনহিতৈষী পুথিভঁৰালৰ উদ্যোগত আৰু উদ্যোক্তা জীৱন্ত শইকীয়াৰ ঐকান্তিক প্ৰচেষ্টাত অনুষ্ঠিত এই গ্ৰন্থমেলাখনে ছাত্র-ছাত্রীৰ গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিব। ধন নাথাকিলেও মন থাকিলে যে যুগান্তকাৰী বিপ্লৱ সৃষ্টি কৰিব পাৰি তাৰ নিদৰ্শন জনহিতৈষী পুথিভঁৰালে দাঙি ধৰিছে। বিনামূলীয়াকৈ পৃথিৱীৰ ক’তো গ্ৰন্থমেলা এনেদৰে অনুষ্ঠিত কৰাৰ নজিৰ নাই।
জনহিতৈষী পুথিভঁৰালৰ মূল উদ্যোক্তা জীৱন্ত শইকীয়াই কয়- বিনামূলীয়া গ্ৰন্থমেলাখন অনুষ্ঠিত কৰিবলৈ এবছৰীয়া পৰিকল্পনা লৈছিলোঁ। গ্ৰন্থমেলাখনত ত্ৰিশ সহস্ৰাধিক গ্ৰন্থ সংগ্রহ কৰি ৰখা হৈছে। অসমবাসীক ধন্যবাদ জনাই তেওঁ কয়- সকলোৰে সহযোগিতাত বিনামূলীয়া গ্ৰন্থমেলাখন অনুষ্ঠিত কৰাটো সম্ভৱ হ’ল। সকলোৱে গ্ৰন্থদান কৰি আমাৰ উদ্দেশ্য সফল কৰিলে। আহক সকলোৱে এই গ্ৰন্থমেলাৰ পৰা বিনামূলীয়াকৈ গ্ৰন্থ লৈ যাওক।
উল্লেখ্য যে গ্ৰন্থমেলাখনৰ বাকৰিত অভূতপূৰ্ব ভিৰ হয়। বিশেষকৈ শ শ ছাত্র-ছাত্রীয়ে ভিৰ কৰে গ্ৰন্থমেলাখনত। তেওঁলোকে বিনামূল্যে পছন্দৰ গ্ৰন্থখন লৈ সন্তুষ্টিৰে ওলাই যায়। সকলোৱে বহুত সুখী অনুভৱ কৰে।