ক্লীন ৰেকৰ্ড নথকা অমিতাভৰ কণ্ঠ আঁতৰাওকঃ ক’ৰোনা কলাৰ টিউনক লৈ ক’ৰ্টত ৰাজহুৱা আবেদন
নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ ক’ৰোনাক লৈ সজাগতা অনাৰ বাবে ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে ম’বাইলৰ জৰিয়তে গ্ৰহণ কৰা ব্যৱস্থা অনুযায়ী ম’বাইলৰ কলাৰ টিউনত শুনা যায় অভিনেতা অমিতাভ বচ্চনৰ কণ্ঠত সজাগতামূলক বাণী। কিন্তু এই কলাৰ টিউনৰ পৰা অমিতাভৰ কণ্ঠ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে ৰাজহুৱা স্বাৰ্থজনিত আবেদন।
আবেদনখনত কোৱা হৈছে যে সজাগতা অনাৰ ক্ষেত্ৰত অমিতাভৰ কণ্ঠ ব্যৱহাৰ কৰা হৈছে যদিও তেওঁৰ নিজৰে এইক্ষেত্ৰত ক্লীন ৰেকৰ্ড নাই। দিল্লী নিবাসী সমাজকৰ্মী ৰাকেশে দাখিল কৰা ৰাজহুৱা আবেদনখনত কোৱা হৈছে যে ক’ৰোনাৰ পৰা অমিতাভ বচ্চন আৰু তেওঁৰ পৰিয়ালেই সাৰি নগ’ল।
কিন্তু দেশত এনে কিছু প্ৰখ্যাত ক’ৰোনা যোদ্ধা আছে যিয়ে ক’ৰোনাকালীন পৰিস্থিতিতো নিজৰ যুঁজ অব্যাহত ৰাখিছিল। অমিতাভ বচ্চনক কণ্ঠাদানৰ বাবে চৰকাৰৰ ফালৰ পৰা বেতন দি থকা হৈছে, কিন্তু উক্ত ক’ৰোনা যুঁজাৰুসকলে বিনামূলীয়াকৈ এইক্ষেত্ৰত সেৱা আগবঢ়োৱাৰ ইচ্ছা প্ৰকাশ কৰিছে ।
উল্লেখ্য যোৱা নৱেম্বৰত আবেদন দাখিল কৰা হৈছিল যদিও ন্যায়ালয়ৰ পৰা কোনো উত্তৰ পোৱা হোৱা নাই বুলি জনাইছিল সমাজকৰ্মীগৰাকীয়ে। অৱশ্যে শেহতীয়াকৈ ন্যায়ালয়ত এই বিষয়টো ১৮ জানুৱাৰীত উত্থাপন হ’ব বুলি জানিব পৰা গৈছে।