নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জি–৭ সন্মিলনত অংশগ্রহণ কৰিবলৈ জাপানত প্রধানমন্ত্রী নৰেন্দ্র মোদী

নিয়মীয়া বাৰ্তা, ২০ মে’: জি–৭ সন্মিলনত অংশগ্রহণ কৰিবলৈ  প্রধানমন্ত্রী নৰেন্দ্র মোদী জাপানৰ হিৰোছিমানত উপস্থিত হৈছে৷ ১৯৭৪ চনৰ পিছত প্রথমগৰাকী ভাৰতীয় প্রধানমন্ত্রী হিচাপে হিৰোছিমাত উপস্থিত হোৱা প্রধানমন্ত্রী নৰেন্দ্র মোদীক বিপুল আদৰণি জনায় প্রবাসী ভাৰতীয়ই৷ হিৰোছিমাৰ শ্বেৰটন হোটেলত প্রবাসী ভাৰতীয়ই সমৱেত হৈ ভাৰত মাতা কী জয় আৰু বন্দে মাতৰম ধ্বনিৰে প্রধানমন্ত্রী মোদীক হর্ষধ্বনিৰে আদৰণি জনায়৷ প্রধানমন্ত্রীক আদৰণি জনাবলৈ সমৱেত হোৱা প্রবাসী ভাৰতীয়ৰ শিশুৰ সৈতে মোদীয়ে অন্তৰংগ আলাপ কৰাৰ লগতে ছেলফী উঠে৷ শুকুৰবাৰৰ পৰা তিনিদিনীয়া ভ্রমণসূচীৰে জাপানকে ধৰি তিনিখন দেশ ভ্রমণ কৰিবলগীয়া প্রধানমন্ত্রীয়ে জি–৭ সন্মিলনত অর্থনীতি পুনৰুদ্ধাৰ আৰু অর্থনীতি সুৰক্ষা, জলবায়ু আৰু শক্তি, খাদ্য, স্বাস্থ্য আৰু বিকাশ সম্বন্ধীয় বিষয়ত মন্তব্য কৰিব৷

জি–৭ সন্মিলনৰ লগতে প্রধানমন্ত্রী মোদীয়ে জাপানৰ প্রধানমন্ত্রী ফুমিঅ’ কিছিডাৰ লগতে কেইবাখনো দেশৰ মুৰব্বীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব৷ আজি মোদীয়ে জি–৭ সন্মিলন সম্বোধন কৰাৰ লগতে হিৰোছিমাত মহাত্মা গান্ধীৰ প্রতিমূর্তি উন্মোচন কৰে৷

জাপান ভ্রমণ সামৰি প্রধানমন্ত্রী মোদীয়ে পাপুৱা নিউগিনিয়ালৈ যাব৷ এই দেশখন ভ্রমণ কৰা প্রথমগৰাকী প্রধানমন্ত্রী হ’ব মোদী৷ পাপুৱা নিউগিনিয়াত তৃতীয় এফআইইআইচি সন্মিলনত অংশ ল’ব মোদীয়ে৷ ইয়াৰ পিছতেই মোদীয়ে অষ্ট্রেলিয়াৰ ছিডনীত উপস্থিত হ’ব৷ দেশখনৰ প্রধানমন্ত্রী এন্থনি আলবানিজৰ আমন্ত্রণমর্মেই ছিডনী ভ্রমণ কৰা প্রধানমন্ত্রী মোদীয়ে অষ্ট্রেলিয়াৰ প্রখ্যাত কোম্পানীসমূহৰ চিইঅ’ আৰু ব্যৱসায়ী নেতৃত্বৰ সৈতে আলোচনাত মিলিত হ’ব৷ ইয়াৰ পিছতেই মোদীয়ে ছিডনীত প্রবাসী ভাৰতীয়ই আয়োজন কৰা বিশেষ কার্যসূচীত অংশগ্রহণ কৰিব৷

You might also like