নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজস্থানত জীৱন্তে জ্বলালে মন্দিৰৰ পূজাৰীক

ভূমি বিবাদক কেন্দ্র কৰি নাৰকীয় হত্যাকাণ্ড

নিয়মীয়া বাৰ্তা ১০ অক্টোবৰঃ  ৰাজস্থানৰ কাৰাউলি জিলাত ভূমি বিবাদক কেন্দ্র কৰি এগৰাকী মন্দিৰৰ পূজাৰীক জীৱন্তে জ্বলোৱা ঘটনাই দেশজুৰি সৃষ্টি কৰিছে চাঞ্চল্য৷ বুধবাৰে সংঘটিত হৈছে এই নাৰকীয় হত্যাকাণ্ড৷ দুর্বৃত্তই জ্বলাই দিয়াৰ এদিন পিছতে পূজাৰীগৰাকীৰ মৃত্যু হৈছে৷ মানৱতাৰ অপমৃত্যু ঘটা এই জঘন্য কাণ্ডত জড়িত কৈলাস মিনা নামৰ দুর্বৃত্ত এটাক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ ইফালে পাশৱিক এই ঘটনাৰ সৈতে জড়িত আন কেইবাজনো অভিযুক্ত পলাতক অৱস্থাত থকা বুলি জিলাখনৰ আৰক্ষীয়ে সংবাদ মাধ্যমক জনাইছে৷ এই হত্যাকাণ্ডই  দেশজুৰি তোলপাৰ লগোৱাৰ লগে লগে ৰাজস্থান আৰক্ষীয়ে ইয়াৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি ঘোষণা কৰিছে৷ বুধবাৰে জিলাখনৰ বুক্না গাঁৱত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা৷ ইফালে পুৰোহিতগৰাকীৰ আত্মীয় ৰমাকান্ত শর্মাই উল্লেখ কৰা অনুসৰি কৈলাস মিনাৰ পৰিয়ালৰ সদস্যসকলে অতি নৃশংসভাৱে সংঘটিত কৰিছে এই হত্যাকাণ্ড৷ পুৰোহিতগৰাকীক হত্যা কৰাৰ পাছতে অঞ্চলটোৰ ব্রাহ্মণ সম্প্রদায়ৰ মাজত সৃষ্টি হৈছে প্রতিক্রিয়া৷ পুৰোহিত বাবুলাল বৈষ্ণৱে নিজ ভূমিত এক নির্মাণকার্যৰ বাবে প্রস্তুতি চলোৱাৰ সময়তে প্রতিৱেশী মিনাৰ পৰিয়ালে আহি বৈষ্ণৱৰ ওপৰত প্রথমে আক্রমণ চলাইছিল৷

You might also like