নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড ভেকচিনৰ পৰীক্ষাত ভাৰতৰ সহযোগী হ’ব ভূটান

নিয়মীয়া বাৰ্তা ১০ অক্টোবৰঃ  ক’ভিড–১৯ মহামাৰী প্রতিৰোধী ভেকচিন তৃতীয় পর্যায়ৰ পৰীক্ষা চলোৱাৰ ক্ষেত্রত ভাৰতে ভূটানৰ সৈতে সহযোগিতা কৰিব৷ অর্থাৎ ভাৰত–ভূটানে যৌথভাৱে ক’ভিড ভেকচিনৰ ক্লিনিকেল পৰীক্ষা চলাব৷ লক্ষণীয়ভাৱে ক’ভিড–১৯ৰ মোকাবিলা কৰিবলৈ ভাৰতে প্রতিৱেশী ৰাষ্ট্রখনৰ বিভিন্ন দৰব, পিপিই কিট, এন–৯৫ মাস্ক, আৰটি–পিচিআৰ টেষ্ট কিট আৰু এক্সৰে মেচিন ভূটানলৈ প্রেৰণ কৰিছে৷ কালি ভূটানত থকা ভাৰতীয় কূটনীতিক ৰাছিৰা কাম্ব’জে ভূটানৰ বিদেশমন্ত্রী টাণ্ডি দর্জীৰ হাতত অর্পণ কৰে এটা প’র্টেবল ডিজিটেল এক্সৰে মেচিন৷ এই কথা ভাৰতীয় কূটনৈতিক কার্যালয়ৰ পৰা এক বিবৃতিত সদৰী কৰা হৈছে৷

You might also like