মহাপঞ্চায়তৰ মঞ্চ খহি বাগৰি পৰিল কৃষক নেতা ৰাকেশ
নিয়মীয়া বাৰ্তা, ৪ ফেব্রুৱাৰীঃ তিনি কৃষি আইন প্রত্যাহাৰৰ আন্দোলনক শক্তিশালী ৰূপত উজ্জীৱিত কৰা কৃষক নেতা ৰাকেশ টিকেইটৰ মঞ্চত অঘটন ঘটিল৷ হাৰিয়ানাৰ জিন্দত আয়োজন কৰা মহাপঞ্চায়তৰ মঞ্চত বি কে ইউৰ নেতা টিকেইটসহ কেইবাগৰাকীও কৃষক নেতাই উপৱিষ্ট হৈ থকাৰ সময়তে মঞ্চখন ভাগি পৰে৷
মঞ্চখন খহি পৰাত কৃষক নেতা টিকেইটসহ আনকেইগৰাকীও তলত বাগৰি পৰে যদিও কোনো হতাহত হোৱা নাই৷ নতুন দিল্লীৰ গাজিপুৰ সীমান্তত কৃষক আন্দোলনক নেতৃত্ব দি থকা নেতা টিকেইটে কালি হাৰিয়ানাৰ খাপ তথা স্বয়ম্ভু গাঁৱৰ আদালতে আয়োজন কৰা মহাপঞ্চায়তত অংশগ্রহণৰ বাবে জিন্দত উপস্থিত হোৱাৰ লগে লগে নেতাগৰাকীক বিপুল আদৰণি জনোৱা হয়৷
ইয়াৰ পিছতেই কৃষক নেতা টিকেইটসহ অনেকজন সজ্জিত মঞ্চত উঠি সম্বোধন কৰিবলৈ ধৰে৷ হঠাতেই মঞ্চখন ভাগি পৰে৷ লগে লগে এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় যদিও পিছলৈ পৰিৱেশ শান্তিপূর্ণ হয়৷ এই মহাপঞ্চায়ততেই তিনি কৃষি আইন প্রত্যাহাৰৰ প্রস্তাৱ গৃহীত হয়৷