কৃষক আন্দোলনঃ আন্তর্জাতিক চেলিব্রিটীক সমালোচনা বলীউডৰ ষ্টাৰ অক্ষয়–অজয়-সুনীলৰ
নিয়মীয়া বাৰ্তা, ৪ ফেব্রুৱাৰীঃ তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীৰে নতুন দিল্লী সীমান্তত কৃষক আন্দোলনে বহু দিন অতিক্রম কৰাৰ পাছত আন্তর্জাতিক পর্যায়ত এই আন্দোলনক লৈ ব্যাপক চর্চা চলিছে৷
কৃষক আন্দোলনক সমর্থন জনাই আন্তর্জাতিক পপ আইকন ৰিহানা, জলবায়ু পৰিৱর্তনৰ যোদ্ধা গ্রেটা থুনবার্গ আৰু আমেৰিকাৰ উপ–ৰাষ্ট্রপতি কমলা হেৰিছৰ ভটিজী মীনা হেৰিছে টুইটাৰত মন্তব্য প্রকাশ কৰাৰ পিছতেই ছ’চিয়েল মিডিয়াত আলোড়ন সৃষ্টি হৈছে৷
আন্তর্জাতিক পর্যায়ত ৰিহানা, থুনবার্গ আৰু মীনা হেৰিছৰ মন্তব্যক লৈ ব্যাপক চর্চা হোৱাৰ পিছতেই কেন্দ্রীয় বৈদেশিক মন্ত্রালয়ে তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে৷ কৃষকক সমর্থন জনাই টুইট কৰা চেলিব্রিটীৰ মন্তব্য দায়িত্বজ্ঞানহীন আখ্যা দি বৈদেশিক মন্ত্রালয়ে প্রকাশ কৰে যে চেলিব্রিটীৰ জৰিয়তে এটা দুষ্টচক্রই আন্তর্জাতিক পর্যায়ত সমর্থন লাভ কৰাৰ চেষ্টা চলাইছে৷
বৈদেশিক মন্ত্রালয়ৰ বিবৃতিক সমর্থন কৰি কেন্দ্রীয় মন্ত্রী নির্মলা সীতাৰমণ, হৰদীপ সিং পুৰী, স্মৃতি ইৰাণী, ভি কে সিঙকে ধৰি কেইবাগৰাকীও কেবিনেট মন্ত্রীয়ে চেলিব্রিটীৰ মন্তব্যক গৰিহণা দিছে৷
একেদৰে বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰ, অজয় দেৱগণ, সুনীল শেট্টীকে ধৰি কেইবাগৰাকীও অভিনেতাই কৃষি আইনৰ সপক্ষত চৰকাৰৰ পক্ষত থিয় দিছে৷ আন একাংশই কৃষকৰ আন্দোলনৰ পক্ষত থিয় দিছে৷