নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধলৈ সাজু হোৱাৰ নির্দেশ সেনাবাহিনীক

অৰুণাচল সীমান্তত সাজু পিএলএৰ ৫টাকৈ আর্মড ব্রিগেডঃ দুদিনীয়া অসম ভ্রমণৰ পাছতে কঠোৰ জেনেৰেল নাৰাৱানে

নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ   তিনি মাহ অতিক্রম হৈ গ’ল৷ লাডাখত প্রকৃত নিয়ন্ত্রণৰেখা (এলএচি) পাৰ হৈ ভাৰত ভূখণ্ডত আগ্রাসন অব্যাহত ৰাখিছে চীনে৷ সামৰিক তথা কূটনৈতিক পর্যায়ত দুয়োখন দেশৰ মাজত ইখনৰ পাছত সিখনকৈ বৈঠক অনুষ্ঠিত হৈছে৷ কিন্তু ভাৰতৰ দৃষ্টিকোণৰ পৰা লাভ একো হোৱা নাই৷ যেন ভাৰতীয় সেনাবাহিনীৰ ধৈর্যৰ পৰীক্ষা লৈছে বেইজিঙে৷ এনে প্রেক্ষাপটত দুয়ো দেশৰ মাজত যুদ্ধ অৱশ্যম্ভাৱী হৈ পৰিছে৷ সেয়েহে ৰঙা চীনৰ বিৰুদ্ধে এক পূর্ণাংগ যুদ্ধৰ বাবে সাজু হ’বলৈ নিজৰ সেনাবাহিনীক নির্দেশ দিছে ভাৰতীয় সেনাপ্রধান জেনেৰেল মনোজ মুকুন্দ নাৰাৱানেই৷ ভাৰতীয় সেনাবাহিনীৰ সূত্রৰ উদ্ধৃতিৰে সংবাদ প্রতিষ্ঠান এ এন আয়ে আজি এই কথা প্রকাশ কৰিছে৷ শেহতীয়া দুদিনীয়া অসম ভ্রমণৰ পাছতে জেনেৰেল নাৰৱানেৰ এনে কঠোৰ স্থিতি সন্দর্ভত ভাৰতীয় সেনাবাহিনীৰ সূত্রত প্রকাশ পোৱা এই খবৰ যথেষ্ট তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷ কোৱা হৈছে যে লাডাখ সীমান্ত অতিক্রমি চীনৰ পিপলছ লিবাৰেচন আর্মী (পি এল এ)য়ে ভাৰত ভূখণ্ড এতিয়াও দখল কৰি আছে যদিও বেইজিঙৰ মূল লক্ষ্য হৈছে অৰুণাচল প্রদেশ৷ তেজপুৰস্থিত সেনাবাহিনীৰ ফ’ৰ ক’ৰত উপস্থিত হৈ সেনাপ্রধান নাৰাৱানে শীর্ষ বিষয়াবর্গক এই কথা স্পষ্ট কৰি দিছে৷ নাৰাৱানেৰ স্পষ্ট বক্তব্য– ‘অদূৰ ভৱিষ্যতত যিকোনো পৰিস্থিতিৰ বাবে সাজু থাকিব লাগিব সেনাবাহিনী৷’ উল্লেখ্য যে অৰুণাচল প্রদেশ সংলগ্ণ চীন সীমান্তৰ দায়িত্বত আছে সেনাবাহিনীৰ ফ’ৰ ক’ৰ৷ আনহাতে, লাডাখ সীমান্তত কমেও ৪০,০০০ ভাৰতীয় সেনাক মোতায়েন কৰা হৈছে৷ ইয়াৰ বিপৰীতে অৰুণাচল প্রদেশ সীমান্তৰ লগতে হিমাচল প্রদেশ, উত্তৰাখণ্ড আৰু ছিকিম সীমান্তত এতিয়াও সেনা মোতায়েনৰ কাম চলি আছে৷ লক্ষণীয়ভাৱে লাডাখৰ পৰা অৰুণাচল সীমান্তৰ ষ্ট্রেটেজিকেল পইণ্টত চীনৰ পিএলএৰ কমেও পাঁচটাকৈ কম্বাইনড আর্মড ব্রিগেড সাজু ৰাখিছে৷ সামৰিক পৰিভাষাত কেৱল যুদ্ধৰ বাবেই ভাৰত সীমান্তত পি এল এই সমৱেত কৰিছে ‘ইণ্টিগ্রেটেড বটল গ্রুপছ’ক৷ ইয়াৰ উপৰি সীমান্তত ‘প্র’ক্সি ৱাৰ’ৰ বাবে আছে পি এল এৰ আন কেইবাটাও ব্রিগেড৷

গুৱাহাটীত নির্মাণ নহয় টুইন টাৱাৰ

 

ইপিনে, শেহতীয়াকৈ কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রালয়ে প্রস্তুত কৰা এখন প্রতিবেদনত উল্লেখ কৰা অনুসৰি সীমান্তৰ দুয়োপাৰে উভয় দেশৰ সেনাবাহিনীয়ে এক বিপুল পৰিমাণৰ যুদ্ধ বিমান তথা অস্ত্রসম্ভাৰ সাজু ৰাখিছে৷ লক্ষণীয়ভাৱে লাডাখ সীমান্তত বিৰাজমান উত্তেজনাৰ মাজতেই ডেপছাং উপত্যকাত প্রথমবাৰৰ বাবে শনিবাৰে ভাৰতীয় সেনাবাহিনী আৰু পিএলএৰ মেজৰ–লেফটেনেণ্ট জেনেৰেল পর্যায়ৰ এক বৈঠক অনুষ্ঠিত হৈ যায়৷ সামগ্রিকভাৱে চীনৰ মল্ডো, ভাৰতৰ চুছুল, গালৱান উপত্যকাত এতিয়ালৈকে সামৰিক পর্যায়ত ছয়লানি বৈঠক অনুষ্ঠিত হৈছে যদিও সেনা প্রত্যাহৰৰ বিষয়টোত এতিয়াও অনিশ্চয়তা থাকি গৈছে৷ গালৱান, হটস্প্রিং, গোগ্রাৰ পৰা চীনে আংশিকভাৱে সেনা প্রত্যাহাৰ কৰিছে যদিও পেংগং হ্রদ আৰু ডেপছাং উপত্যাকাৰ পৰা সেনা প্রত্যাহাৰ কৰিব বিচৰা নাই৷ ভাৰতীয় সেনাবাহিনীৰ এটা সূত্রই প্রকাশ কৰা মতে, বৈঠকৰ পাছত বৈঠকৰ নামত চীনে সময় ব্যয় কৰিব বিচাৰিছে৷ পিছে ইয়াৰ আঁৰত চীনৰ কি দূৰ অভিসন্ধি নিহিত হৈ আছে সেয়া এতিয়াও ভাৰতীয় সেনাবাহিনীৰ বাবে বোধগম্য হোৱা নাই৷ আশংকা কৰা মতে, বেইজিঙে ভাৰতীয় সেনাবাহিনীক লাডাখ সীমান্তত ব্যস্ত ৰাখি আচম্বিতে অৰুণাচল প্রদেশ আক্রমণ কৰিব পাৰে৷ এনে পৰিপ্রেক্ষিতত ভাৰতীয় সেনাপ্রধান নাৰাৱানেৰ শেহতীয়া তেজপুৰ ভ্রমণ আছিল যথেষ্ট তাৎপর্যপূর্ণ বিষয়৷ চীনৰ এই দূৰ অভিসন্ধিৰ উমান লাভ কৰি নতুন দিল্লীয়ে সম্ভৱতঃ এতিয়া যুদ্ধৰ সকলো প্রস্তুতি সম্পন্ন কৰিব বিচাৰিছে৷

You might also like