নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাছিয়াত ৮ৰ পৰা ১২ বছৰীয়া শিশুৰ মাজত ক’ভিড ভেকচিনৰ পৰীক্ষা

নিয়মীয়া বাৰ্তা ১৫ জুনঃ বিশ্বৰ বিভিন্ন দেশলৈ ক’ভিড–১৯ প্রতিৰোধী ভেকচিন স্পুটনিক–ভি প্রেৰণ কৰাৰ পাছত এইবাৰ ৰাছিয়াই ৮ৰ পৰা ১২ বছৰীয়া শিশুৰ ওপৰত ভেকচিনৰ পৰীক্ষা চলাইছে৷ দেশখনৰ গামালেয়া ইনষ্টিটিউটৰ তৰফৰ পৰা শিশুৰ ওপৰত ক’ভিড ভেকচিনৰ ক্লিনিকেল টেষ্ট চলোৱা বুলি প্রতিষ্ঠানটোৰ মুৰব্বী আলেকজেণ্ডাৰ গিণ্টছবার্গে সংবাদ মাধ্যমক জনাইছে৷ পৰীক্ষাৰ সময়ত শিশুসকলৰ কোনো ধৰণৰ পার্শ্বক্রিয়া হোৱা নাই বুলি সদৰীও কৰিছে গিণ্টছবার্গে৷

উল্লেখনীয় যে নজেল স্প্রে হিচাপে এই ভেকচিনবিধৰ শিশুৰ দেহত পৰীক্ষা চলোৱা হৈছে৷ আগন্তুক ছেপ্টেম্বৰ মাহৰ ভিতৰত ৰাছিয়াই ৮ৰ পৰা ১২ বছৰীয়া শিশুৰ মাজত ক’ভিড ভেকচিন প্রদান কৰিবলৈ সক্ষম হ’ব বুলি গামালেয়া ইনষ্টিটিউটৰ মুৰব্বীগৰাকীয়ে সংবাদ মাধ্যমক জনাইছে৷ গামালেয়াৰ তৰফৰ পৰাই স্পুটনিক–ভি ভেকচিন প্রথম প্রস্তুত কৰা হৈছিল৷

স্মর্তব্য যে বিশ্বত গামালেয়াই প্রথমতে ক’ভিড প্রতিৰোধী ভেকচিন প্রস্তুত কৰিবলৈ সক্ষম হৈছিল৷ শিশুৰ বাবে এই ভেকচিনবিধ অৱশ্যে বেজী অবিহনে ব্যৱহাৰ কৰা হ’ব৷ শিশুসকলৰ নাকত স্প্রে হিচাপে এই ভেকচিনবিধ ছটিয়াই দিয়া হ’ব বুলি গিণ্টছবার্গে দেশখনৰ তাছ নিউজ এজেঞ্চীক জনাইছে৷ লক্ষণীয় যে শিশুৰ ওপৰত প্রথমখন দেশ হিচাপে ৰাছিয়াই ক’ভিড ভেকচিনৰ পৰীক্ষা চলাইছে৷

You might also like