নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবিশ্বাস্য! খাদ্যৰ তালিকাত ‘কীট–পতংগ’

-প্রদ্যুৎ কুমাৰ দাস

আদিম বন্যতাৰ পৰা বিৱর্তন ঘটি আধুনিক জীৱন জীৱশ্রেষ্ঠ মানৱৰ৷ আধুনিক মানৱে বিলাসী জীৱন যাপনত বিলাসী খাদ্যৰ তালিকাও প্রস্তুত কৰি লৈছে৷ কিন্তু ভৱিষ্যতৰ খাদ্য তালিকাত কি সংযোজন হ’ব, তাক লৈ চর্চাৰো প্রাসংগিকতা আহি নপৰা নহয়৷ ফ্রান্সত বিলাসী হোটেলে সম্প্রতি বিলাসী খাদ্যৰ তালিকাত ভৱিষ্যতৰ খাদ্যৰ ধাৰণাৰে নতুন খাদ্য সম্ভাৰ পৰিৱেশন কৰি আছে৷ ফ্রান্সৰ বিলাসী হোটেলত যি খাদ্যৰ তালিকা তাক লৈ হয়তো অধিকাংশই নাক কোঁচোৱাৰ এনে খাদ্যও তালিকাত থাকে নে নিজ চকুৰে নেদেখিলে বিশ্বাস কৰিবলৈ কঠিন, ফ্রান্সৰ বিলাসী খাদ্যৰ তালিকাত সন্নিৱিষ্ট হৈ আছে ‘মিলৱর্ম’৷ এই ‘মিলৱর্ম’ত আছে মিছামাছ, চালাড আৰু হালধীয়া মিলৱর্ম শাক–পাচলিৰ লগত বিভিন্ন কীট–পতংগ আৰু চকলেটৰ প্রলেপত ফৰিং৷

পেৰিছৰ ৰেষ্টুৰেণ্টত এনে ৰোমাঞ্চকৰ খাদ্য পৰিৱেশিত হৈ আছে৷ এক ধৰণৰ আজব খাদ্য তালিকাক আনকি ইউৰোপীয় খাদ্য সুৰক্ষা সংস্থাই অনুমোদন জনাইছে৷ যোৱা জানুৱাৰী মাহত সংস্থাটোৱে অনুমোদন জনোৱাৰ পিছত মে’ৰ পৰা বজাৰত বিক্রী হৈ আছে৷ সংস্থাটোৰ মতে এই খাদ্য মানৱৰ বাবে লাভজনক৷ এই খাদ্য প্র’টিন, চর্বি আৰু আঁহযুক্ত৷ সবাতোকৈ গুৰুত্বপূর্ণ যে এই ‘মিলৱর্ম’ বহনক্ষম আৰু নিম্ন কার্বন নির্গমন খাদ্যৰ উৎস৷ যিটো ভৱিষ্যতৰ বাবে এক আশাপ্রদ৷ ফ্রান্সৰ পেৰিছত ‘ল’ৰেণ্ট ভেয়েট’ নামৰ ৰেষ্টুৰেণ্টখনত প্রধানতঃ পৰিৱেশন কৰি থকা হৈছে৷ এই খাদ্য তালিকাই গ্রাহকক কেনেদৰে আকর্ষিত কৰিব সেয়া ভেয়েটৰ বাবে এক প্রত্যাহ্বান হ’লেও জীৱশ্রেষ্ঠ মানৱৰ খাদ্য তালিকাত নিঃসন্দেহে এক আজব আহাৰ৷

You might also like