নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলত মানুহৰ বসতি আৰু ইলন মাস্ক

-গৌতম বর্মন

ইলন মাস্ক৷ অত্যাধুনিক প্রযুক্তিৰ এক প্রতিভা তেওঁ৷ ইয়াৰ লগে লগে বিশ্বৰ ধনী ব্যক্তিৰ তালিকাতো তেওঁৰ নাম আছে, কেতিয়াবা শীর্ষত আৰু কেতিয়াবা তাতকৈ অলপ তলত৷ কিন্তু গুৰুত্বপূর্ণ কথা যে তেওঁ নিজকে এগৰাকী ধনী বা প্রথম শাৰীৰ ব্যৱসায়ী বুলি পৰিচয় দিবলৈ টান পায়৷ তেওঁ নিজৰ পৰিচয় এগৰাকী প্রযুক্তিবিদ ৰূপে দিবলৈহে বেছি ভাল পায়৷ আৰু এয়াও সত্য যে প্রযুক্তিৰ জগতত নিজৰ উদ্ভাৱনী চিন্তাৰ জৰিয়তে তেওঁ আজি বিশ্বপ্রযুক্তিৰ এক কিংবদন্তি ৰূপে উদ্ভাসী উঠিছে৷

স্পেচ এক্সৰ পুনৰ ব্যৱহাৰযোগ্য ৰকেট

বৈদ্যুতিক কাৰ টেছলাৰ মুখ্য কার্যবাহী বিষয়া ৰূপে বর্তমান কার্যনির্বাহ কৰি থকা ইলন মাস্ক বিখ্যাত হৈছিল তেওঁৰ ৰকেট সম্পর্কীয় ধাৰণাৰ বাবে৷ সাধাৰণতে ৰকেটেৰে মহাকাশলৈ মহাকাশ যান বা আন কার্গো যান পঠিওৱা হয়৷ কিন্তু এই ৰকেট দুবাৰ ব্যৱহাৰ কৰিব নোৱাৰি৷ মাস্কে এনে ৰকেটৰ পুনৰ ব্যৱহাৰৰ তত্ত্ব আৱিষ্কাৰ কৰি সকলোকে চমকিত কৰে৷ তেওঁ ৰকেটক মহাকাশলৈ পঠিয়াই পুনৰ পৃথিৱীলৈ ঘূৰাই আনিবলৈ সক্ষম হয়৷ ৰকেটক মহাকাশ পৰিবহণৰ পুনৰ ব্যৱহাৰযোগ্য বাহনলৈ ৰূপান্তৰ কৰে৷ এই কার্য ৰূপায়ণ কৰে তেওঁ ২০০২ত স্থাপন কৰা স্পেচ এক্স কোম্পানীৰ জৰিয়তে৷ ২০০৮ বর্ষত ফেলকনৰ নামৰ পুনৰ ব্যৱহাৰযোগ্য ৰকেটেৰে তেওঁ সাফল্য অর্জন কৰে৷ এতিয়া এই স্পেচ এক্স কোম্পানীৰ ৰকেটেৰে নাছাই আন্তঃৰাষ্ট্রীয় মহাকাশ কেন্দ্রলৈ যাৱতীয় সামগ্রী আদি পঠিওৱা আৰম্ভ কৰিছে৷ কিয়নো ৰকেটৰ পুনৰ ব্যৱহাৰৰ সুবিধাৰ বাবে ইয়াত খৰচ কম হয়৷ ইয়াৰ লগতেSpaceX Crew Dragon Endeavourৰ জৰিয়তে এই বর্ষৰে এপ্রিলত ৩খন দেশৰ চাৰিগৰাকী মহাকাশচাৰীক কেনেডী স্পেচ চেণ্টাৰৰ পৰা ইণ্টাৰনেচনেল মহাকাশ সংস্থালৈ পঠিয়ায় ইলন মাস্কৰ স্পেচ এক্সে৷

মঙলত মানুহৰ বসতি

ৰঙা গ্রহ মঙলৰ প্রতি আছে অপাৰ কৌতূহল৷ ২০২১ বর্ষটো মঙল অভিযানৰ ক্ষেত্রত এক সফল বর্ষ৷ কিয়নো নাছাৰ পাৰচিভাৰেঞ্চ ৰ’বটিক যান আৰু ইনজেনিউটী ৰ’বটিক ড্রোন (সৰু হেলিকপ্ঢাৰ)ৰ সফল উৎক্ষেপণে মঙলক লৈ থকা বহুকেইটা প্রশ্ণৰ উত্তৰ দিছে৷ পাৰচিভাৰেঞ্চে মঙলত অক্সিজেন প্রস্তুত কৰি সাফল্যও অর্জন কৰিছে৷ ইয়াৰ লগে লগে চীনে পঠিওৱা ঝুৰং Zhurong) ৰ’বটিক যানেও যোৱা মে’ মাহতে মঙলৰ পৃষ্ঠত পদার্পণ কৰিছে৷ মঙলক লৈ চলা এনে অভিযানে খুলিছে বহু সম্ভাৱনাৰ দুৱাৰ৷ ইলন মাস্কেও ঘোষণা কৰিছে তেওঁ ২০২৫ বর্ষৰ ভিতৰত মঙলত মানুহৰ বসতি স্থাপন কৰাবলৈ প্রস্তুত৷ মাস্কৰ এইক্ষেত্রত যুক্তি হ’ল মানৱ প্রজাতিক বচাই ৰখাৰ বাবে অন্য বিকল্প গ্রহৰ সন্ধান কৰাটো আৱশ্যক৷ কিয়নো পৃথিৱীৰ ইতিহাসত বহুকেইটা প্রজাতি সমূলঞ্চে নিঃশেষ হোৱাৰ উদাহৰণ আছে৷ এনে এটা মাছ এক্সটিংচনৰ ইতিহাস থকা গ্রহ মানৱ প্রজাতিৰ বাবে সদায়ে সুৰক্ষিত হৈ থাকিব বুলি ভবাটো ভুল হ’ব পাৰে৷ সেয়ে মাস্কে যিমানদূৰ সম্ভৱ মঙলত মানুহৰ এখন কৃত্রিম চহৰ নির্মাণৰ পক্ষপাতী আৰু ইয়াক কার্যকৰী কৰাৰ চেষ্টাত ব্রতী আছে৷ তেওঁৰ কোম্পানী স্পেচ এক্সে মহাকাশ যান এছ এন–১৫ নামৰ ষ্টাৰশ্বিপ প্রটোটাইপ Starship rocket) নির্মাণ কৰি ৫বাৰ বিফলতাৰ পিছত যোৱা মে’ মাহত সফল হৈছে৷ এই মহাকাশ যানত ১০০ মেড্রিক টন কার্গো কঢ়িওৱাৰ ক্ষমতা ৰখাৰ লগতে ই ১০০জন মানুহকো কঢ়িয়াই নিব পৰাৰ ক্ষমতা ৰাখে৷ মঙলৰ বুকুত চলা নানা গৱেষণাই ইতিমধ্যে ৰঙা গ্রহটোক আমাৰ নিচেই ওচৰ চপাই আনিছে৷ কেইবছৰমানৰ ভিতৰতে মঙলত মানুহৰ বসতি স্থাপন হ’ব নে নহয় সেয়া ক’ব পৰা নাযায় যদিও এইক্ষেত্রত ইলন মাস্কৰো অৱদান কম নহ’ব৷

You might also like