নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃতীয় আম্পায়াৰৰ দ্বাৰা আউট হোৱা প্ৰথম ক্ৰিকেটাৰ শচীন নেকি? কোন চনত

বিশেষ বাৰ্তা, ২৫ এপ্ৰিলঃ এতিয়া কথাবোৰ শুনি আশ্চর্য লাগিলেও ৩০-৩৫ বছৰ আগতে ক্রিকেটত তৃতীয় আম্পায়াৰৰ প্রচলন নাছিল। এতিয়া ফিল্ড আম্পায়াৰে কোনো বিষয়ত চূড়ান্ত সিদ্ধান্ত ল’ব নোৱাৰিলে সেয়া পঠিয়াই দিয়ে তৃতীয় আম্পায়াৰৰ কাষলৈ। কিন্তু ‘৮০-‘৯০ দশকত বিষয়টো ইমান প্রচলিত নাছিল। তৃতীয় আম্পায়াৰে প্রথমে কোন বেটছমেনক আউট ঘোষণা কৰিছিল জানেনে? সেয়া এজন ভাৰতীয় খেলুৱৈ। তেওঁ স্বয়ং ‘ক্ৰিকেটৰ ঈশ্বৰ’ শচীন তেণ্ডুলকাৰ। ১৯৯২ চনৰ ঘটনা। দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে চলি থকা টেষ্ট মেচত শচীনক আউট ঘোষণা কৰিছিল টিভি আম্পায়াৰে। ইয়াৰ আগেয়ে কোনো ক্রিকেটাৰ এনেদৰে আউট হোৱা নাছিল। ৰবি শাস্ত্রীৰ সৈতে ক্রিজত আছিল শচীন। এটা ব’লত দৌৰি ৰাণ ল’বলৈ বিচাৰিছিল, কিন্তু শাস্ত্রীয়ে তেওঁক ওভোতাই পঠিয়ায়। দক্ষিণ আফ্রিকাৰ খেলুৱৈয়ে একক্ষণত ব’লটো লৈ স্টাম্প চুইছিল। আউট হ’ল নে নাই সেয়া জানিবলৈ মেচৰ আম্পায়াৰে দ্বাৰস্থ হয় তৃতীয় আম্পায়াৰৰ। ১১ ৰাণতে উভতি আহিবলগীয়া হয় শচীনে।

You might also like