নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯২ টা পুল, ১৭ খন ৰেস্তোঁৰা, বিলাসিতাৰ সংজ্ঞাই সলনি কৰি দিব এই হোটেলখনে

বিশেষ বাৰ্তা, ২৫ এপ্ৰিলঃ ৯২ টা পুল, ১৭ খন ৰেস্তোঁৰাৰে বিলাসিতাৰ সংজ্ঞাই সলনি কৰি দিব এই হোটেলখনে। ডুবাইৰ পাম জুমেইৰা অঞ্চলত যোৱা ১৪ বছৰ ধৰি তৈয়াৰ হৈছে এখন হোটেল। সমুদ্ৰ তীৰত নিৰ্মাণৰত হোটেলখনৰ নাম আটলান্টিছ ৰয়েল। হোটেলখন নিৰ্মাণত খৰচ হৈছে ১৪০ কোটি ডলাৰ অর্থাৎ প্রায় ১১ হাজাৰ কোটি টকা।

ডুবাইত বিলাসবহুল হোটেলৰ অভাৱ নাই। কিন্তু আটলান্টিছ হোটেলৰ স্বত্ত্বাধিকাৰীয়ে কৈছে, তেওঁলোকৰ হোটেলত যি আৰামৰ ব্যৱস্থা থাকিব, তাৰ সৈতে তুলনা নহ’ব আন কাৰো। হোটেলত অতিথি কক্ষই থাকিব ৭৯৫ টা। এপার্টমেন্ট থাকিব ২৩১ টা। দুটি ভিন্ন ধৰণৰ স্থাপত্যৰ নিৰ্মাণ শৈলীৰ আৰ্হিৰে তৈয়াৰ হৈছে আটলান্টিছ। হোটেলখন মুঠ ৪৩ তলাৰ। হস্পিটালিটী ডেভেলপাৰ কেৰজনাৰ ইন্টাৰনেশ্বনেল লিমিটেড আৰু ইনভেষ্টমেন্ট ফার্ম ইছথিতমাৰ ৱার্ল্ডে যৌথভাবে তৈয়াৰ কৰিছে আটলান্টিছ ৰয়েল।

২০০৮ চনৰ আন্তর্জাতিক অর্থনীতিত মন্দাৱস্থা দেখা দিয়াৰ সময়তে থমকে হোটেল নির্মাণৰ কাম। তেতিয়া সাহায্য দিবলৈ আগুৱাই আহে ইনভেষ্টমেন্ট কর্পোৰেছন অৱ ডুবাই। আমিৰশ্বাহীৰ ৰাজকোষৰ অর্থৰে ২০১৬ চনত পুনৰ হোটেলৰ নির্মাণ আৰম্ভ হয়। আটলান্টিছ ৰয়েল হোটেলৰ বাবে অনাগত দিনবোৰত ডুবাইত পর্যটকৰ ভিৰ বাঢ়িব বুলি চৰকাৰৰ ধাৰণা। হোটেলখনে চিংগল অতিথিক আকৰ্ষণৰ বাবেই বেছি গুৰুত্ব দিছে। ২০২২ চনৰ তৃতীয় ত্রৈমাসিকৰ পৰা হোটেলৰ বুকিং আৰম্ভ হ’ব।

You might also like