নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেমেৰামেনলৈ বটল দলিয়াই দিয়াৰ ভাবুকি ধোনীৰ

🔹 খং উঠিল চিএছকেৰ প্রাক্তন অধিনায়কৰ

বিশেষ বাৰ্তা, ২৫ এপ্রিল : লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰে মঙলবাৰে খেলা আইপিএলৰ মেচখনত হঠাতে খং উঠিল চেন্নাই ছুপাৰ কিংছৰ প্রাক্তন অধিনায়ক মহেন্দ্র সিং ধোনীৰ৷ কেমেৰামেনলৈ বটল দলিয়াই দিয়াৰ ভাবুকি দিলে ধোনীয়ে৷ চলিত আইপিএলৰ চেন্নাই ছুপাৰ কিংছৰ প্রতিখন মেচতে সকলোৰে দৃষ্টি নিবদ্ধ থাকে উইকেটকীপাৰ–বেটাৰ মহেন্দ্র সিং ধোনীৰ ওপৰত৷ তেওঁ কি কৰিছে, ক’লৈ গৈছে, সেই বিষয়ে বিতংভাৱে আলোচনা কৰা হয়৷ মঙলবাৰে হঠাতে খং উঠিল ধোনীৰ৷ কেমেৰামেনে বাৰে বাৰে তেওঁক ফ’কাছ কৰাত অসন্তুষ্ট হৈ পৰে চিএছকেৰ প্রাক্তন অধিনায়কগৰাকী৷ ড্রেছিং ৰূমত থকাৰ সময়ত কেমেৰামেনে তেওঁক ফ’কাছ কৰাত ধোনীয়ে বটল দলিয়াই দিয়াৰ ভাবুকি দিয়ে৷ এই ঘটনাটো সংঘটিত হয় চেন্নাইৰ ইনিংছৰ সময়ত৷ ক্রিজত বেটিং কৰি আছিল অধিনায়ক ৰুতুৰাজ গাইকোৱাড আৰু শিৱম ডুবেই৷ দুয়োজনে মাৰমুখী বেটিঙেৰে বৃহৎ স্ক’ৰ সংগ্রহ কৰাত ব্যস্ত হৈ আছিল৷ তেতিয়াই কেমেৰামেনে ধোনীৰ ওপৰত খন্তেক সময়ৰ বাবে ফ’কাছ কৰে৷ কোৱা বাহুল্য যে বিশাল পর্দাত ধোনীক দেখি দর্শকে উত্তেজনাৰ সীমা পাৰ কৰে৷ চকুৰ সন্মুখত ধোনীৰ উপস্থিতিৰ লগে লগে শব্দৰ স্তৰে ৰেকর্ডৰ পাৰা স্পর্শ কৰে৷ ফলত ফটোগ্রাফাৰসকলে অনুৰাগীৰ মুখত হাঁহি বিৰিঙাবলৈ সাজু হৈ থাকে৷ কিন্তু ধোনীৰ সেইটো ভাল নালাগিল৷ ৰুতুৰাজ আৰু ডুবেৰ পৰা ফ’কাছ আঁতৰাই কেমেৰাটো তেওঁৰ ফালে ঘূৰাই দিলে৷ কেমেৰামেনৰ সেই কার্যত খং উঠিল ধোনীৰ আৰু কেমেৰালৈ চাই ধোনীয়ে বটল দলিয়াই দিয়াৰ ভাবুকি দিয়ে৷ লগে লগে কেমেৰাটো ধোনীৰ পৰা আঁতৰাই দিয়া হয়৷ এই ভিডিঅ’টো এতিয়া ছ’চিয়েল মিডিয়াত ট্রেণ্ডিং হৈছে৷

You might also like