নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছলমান বনাম সাংবাদিকঃ ভাইজানক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ

বিশেষ বাৰ্তা, ২৩ মাৰ্চঃ আকৌ আদালতৰ চমন আহিল বলীউডৰ ভাইজানলৈ। এখন কাজিয়াক কেন্দ্ৰ কৰি অভিনেতা ছলমান খান আৰু তেওঁৰ দেহৰক্ষী নৱাজ শ্বেখৰ বিৰুদ্ধে এগৰাকী সাংবাদিকে অপৰাধৰ গোচৰ ৰুজু কৰে। সেই অভিযোগ ভিত্তিত মেট্ৰ’পলিটান দণ্ডাধীশ আদালতে চমন জাৰি কৰিছে। অহা ৫ এপ্ৰিলত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে। এই গোচৰটো ২০১৯ চনৰ। সাংবাদিক অশোক পাণ্ডেৰ অভিযোগ অনুসৰি মুম্বাইৰ পথত চাইকেল চলাই গৈ থাকোঁতে একাংশ সংবাদকৰ্মীয়ে ছলমানৰ ফটো লোৱা আৰম্ভ কৰিছিল। খঙতে ছলমানে অশোক পাণ্ডেৰ মবাইল কাঢ়ি লোৱাৰ লগতে কাজিয়াত লিপ্ত হয় আৰু পাছত ভাবুকি পৰ্যন্ত দিয়ে।

You might also like