নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাত্মাৰ পৰিনাতি সতীশ ধূপেলিয়াৰ ক’ৰোনাত মৃত্যু

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ মহাত্মা গান্ধীৰ পৰিনাতি সতীশ ধূপেলিয়াৰ ক’ভিড–১৯ত মৃত্যু হৈছে৷ জোহান্সবার্গত কালি ধূপেলিয়াই শেষ নিশ্বাস ত্যাগ কৰে বুলি তেওঁৰ ভগ্নী উমা ধূপেলিয়া–মেষ্ট্রিয়ে সংবাদ মাধ্যমক জনাইছে৷

উল্লেখনীয় যে নিউমেনিয়াৰ চিকিৎসা গ্রহণ কৰি থকাৰ সময়তে হাস্পতালত ক’ভিড–১৯ত আক্রান্ত হৈছিল মহাত্মাৰ পৰিনাতিগৰাকী৷ কালি বিয়লি হাস্পতালতে হূদৰোগত আক্রান্ত হয় ধূপেলিয়া৷ হূদৰোগত আক্রান্ত হোৱাৰ পিছত ধূপেলিয়াৰ মৃত্যু হয়৷

স্মর্তব্য যে মহাত্মাৰ পৰিয়ালৰ কেইগৰাকীমান সদস্যই দক্ষিণ আফ্রিকাত বসবাস কৰিছিল৷

You might also like