নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রচণ্ড শীতপ্রবাহ : উত্তৰ ভাৰতত ৰেড এলার্ট জাৰি বতৰ বিজ্ঞান বিভাগৰ

নিউজ ডেস্ক, ৪ জানুৱাৰী : উত্তৰ ভাৰতত প্রচণ্ড শীতপ্রবাহৰ পৰিপ্রেক্ষিতত ভাৰতৰ বতৰ বিজ্ঞান বিভাগে হাৰিয়ানা, চণ্ডীগড়, পঞ্জাবত ৰেড এলার্ট জাৰি কৰিছে৷ হিমাচল প্রদেশ, উত্তৰাখণ্ড, জম্মু–কাশ্মীৰ আৰু ৰাজস্থান, মধ্যপ্রদেশ আদি কেইবাখনো ৰাজ্যত সতর্কতা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে৷ উত্তৰ প্রদেশ, ওড়িশা আৰু বিহাৰৰ জনতায়ো হাড় কঁপোৱা ঠাণ্ডাত দিন অতিবাহিত কৰিছে৷

বতৰ বিজ্ঞান কেন্দ্রৰ তথ্য অনুসৰি, অসম আৰু মেঘালয়, ছত্তিশগড়, হিমাচল প্রদেশ, জম্মু–কাশ্মীৰ, লাডাখ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্রিপুৰা, পশ্চিমবংগ, ছিকিমকে ধৰি সমগ্র ভাৰতৰ বিভিন্ন ৰাজ্যত ঘন কুঁৱলীৰ সম্ভাৱনা আছে বুলি সদৰী কৰিছে৷ দিল্লীত এতিয়াও অব্যাহত আছে প্রচণ্ড শীতপ্রবাহ৷ কালি দিল্লীত সর্বনিম্ন তাপমাত্রা ৬ৰ পৰা ৮ ডিগ্রী চেলছিয়াছ হৈছে৷ ৰাজধানী অঞ্চলতো বতৰ বিজ্ঞান কেন্দ্রই সতর্কবাণী জাৰি কৰিছে৷ আজিও দিল্লীৰ সর্বনিম্ন তাপমাত্রা অপৰিৱর্তিত থাকিব বুলি সদৰী কৰি ইয়াৰ ফলত দৃশ্যমানতা হ্রাস পোৱাৰ লগতে যাতায়াততো প্রভাৱ পৰিব বুলি সদৰী কৰিছে বতৰ বিজ্ঞান কেন্দ্রই৷

বিশেষকৈ দিল্লীত প্রচণ্ড শীতৰ সমান্তৰালভাৱে প্রদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰাত পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে৷ ইয়াৰ ফলত ৰাজধানী অঞ্চলৰ ব্যৱসায়–বাণিজ্যতো ব্যাপক প্রভাৱ পৰিছে৷ বতৰ বিজ্ঞান কেন্দ্রই জানুৱাৰী মাহৰ শেষভাগলৈকে শীতপ্রবাহৰ প্রভাৱ পৰাৰ আশংকা ব্যক্ত কৰিছে৷ হাৰিয়ানা, চণ্ডীগড় আৰু পঞ্জাবত পূর্বৰ তুলনাত এইবাৰ ঠাণ্ডাৰ প্রকোপ বৃদ্ধি পাইছে৷ পঞ্জাবত কালি সর্বোচ্চ তাপমাত্রা ১৬ ডিগ্রী চেলছিয়াছৰ বিপৰীতে সর্বনিম্ন ৭ ডিগ্রী চেলছিয়াছ হয়৷ সেই হিচাপে হাৰিয়ানা আৰু চণ্ডীগড়ত সর্বোচ্চ ১৬ ডিগ্রী আৰু সর্বনিম্ন ৮ ডিগ্রী চেলছিয়াছ হৈছে বুলি বতৰ বিজ্ঞান কেন্দ্রৰ তথ্যত প্রকাশ পাইছে৷

You might also like