নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিয়ে অকলেই পাব ৬৯–৭৪খন আসন, পিপলছ পালছ ৰিছার্চ অর্গেনাইজেচনৰ অ’পিনিয়ন প’ল

ডিজিটেল ডেস্ক, ৪ জানুৱাৰী : ঐতিহাসিকভাৱে তৃতীয়বাৰৰ বাবে অসমত চৰকাৰ গঠন কৰিব বিজেপিয়ে৷ বিজেপি নেতৃত্বাধীন এনডিএ মিত্রজোঁটে ১২৬জনীয়া অসম বিধানসভা নির্বাচনত প্রায় ৯০খন আসন লাভ কৰিব৷ আগন্তুক অসম বিধানসভা নির্বাচনৰ পূর্বে এই মন্তব্য আগবঢ়াইছে হায়দৰাবাদৰ পিপলছ পালছ নামৰ গৱেষণা সংস্থাটোৱে৷

গুৱাহাটী প্রেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত সংস্থাটোৰ সঞ্চালক তথা ৰাজনৈতিক বিশ্লেষক ড০ ৰাজন পাণ্ডেই কয় যে বিগত ২০২৫ বর্ষৰ নৱেম্বৰৰ পৰা ডিচেম্বৰলৈকে এমাহজুৰি ৰাজ্যৰ ৭৬টা বিধানসভা সমষ্টিত সংস্থাটোৱে এক জৰীপ চলাইছিল৷ প্রথম ৰাউণ্ডৰ এই জৰীপত মুঠ ৫ হাজাৰ নমুনা গ্রহণ কৰি সংস্থাটোৰ গৱেষকৰ দলে গৱেষণা চলাইছিল৷ এই গৱেষণাৰ পিছতে আসনভিত্তিক হিচাপত বিজেপি দলে আগন্তুক বিধানসভা নির্বাচনত ৬৯ৰ পৰা ৭৪খন আসন লাভ কৰাৰ সম্ভাৱনা আছে বুলি জৰীপত অনুমান কৰা হৈছে৷ বিজেপিৰ লগতে সহযোগী দল ক্রমে অগপই ৮ৰ পৰা ১১খন আসন, বিপিএফে ৮ৰ পৰা ১০খন আসন আগন্তুক নির্বাচনত লাভ কৰিব পাৰে৷ কিন্তু ইয়াৰ বিপৰীতে কংগ্রেছ দলৰ অৱস্থা পূর্বতকৈ অধিক শোচনীয় হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে সংস্থাটোৱে৷

সঞ্চালক ড০ পাণ্ডেই কয় যে কংগ্রেছ দলে ২৫–২৯খন আসনত সীমাবদ্ধ থাকি মুখ্য বিৰোধী দল হিচাপে ক্ষান্ত থাকিব লাগিব৷ কংগ্রেছ দলৰ লগতে সংস্থাটোৱে ইউপিপিএল ০–২, এআইইউডিএফ ০–২, ৰাইজৰ দল ১–২, অজাপ ০–১ আৰু চিপিআই (এম)–এ ০–১খন আসন লাভ কৰাৰ সম্ভাৱনা আছে বুলি সদৰী কৰিছে৷ ভোট শ্বেয়াৰিঙৰ ক্ষেত্রতো সংস্থাটোৰ সঞ্চালক ড০ পাণ্ডেই কয় যে বিজেপিয়ে ৩৯ শতাংশ ভোট লাভ কৰি প্রথম স্থানত থকাৰ লগতে কংগ্রেছে ৩৭ শতাংশ ভোট লাভ কৰিব৷ তাৰ পিছতে অগপই ৭ শতাংশ আৰু বিপিএফে ৬ শতাংশ ভোট লাভ কৰিব৷ একেদৰে ইউপিপিএলে ১.২ শতাংশ, এআইইউডিএফে ২.৫ শতাংশ, ৰাইজৰ দলে ০.৯ শতাংশ, অজাপই ০.৭ শতাংশ, চিপিআই (এম)–এ ০.৮ শতাংশ ভোট লাভ কৰিব৷

মুখ্যমন্ত্রীৰ ক্ষেত্রতো ড০ হিমন্ত বিশ্ব শর্মাই ৰাইজৰ মাজত ৩০ শতাংশ সমর্থনেৰে সর্বাধিক জনপ্রিয়তা লাভ কৰাৰ লগতে ২৮ শতাংশ সমর্থনেৰে দ্বিতীয় স্থানত প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল থকাৰ লগতে কংগ্রেছৰ সভাপতি গৌৰৱ গগৈয়ে ২৭ শতাংশ সমর্থনেৰে জনপ্রিয়তা আদায় কৰিছে৷

শেহতীয়াকৈ অসমত হৈ যোৱা বিধানসভা সমষ্টিৰ পুনৰ গঠনৰ বাবে বিজেপি দলৰ চৰকাৰ গঠনৰ সম্ভাৱনা অধিক বৃদ্ধি হোৱা বুলি মন্তব্য কৰি ড০ পাণ্ডেই কয় যে শেহতীয়াকৈ কেইবাটাও প্রত্যাহ্বানে চৰকাৰক কিছু বিব্রত কৰিছিল৷ বিশেষকৈ প্রিয় শিল্পী জুবিন গার্গৰ মৃত্যুৱে ৰাইজৰ মাজত কিছু ক্ষোভ সৃষ্টি কৰিছিল যদিও অসম আৰক্ষীয়ে অভিযোগনামা আদালতত দাখিল কৰাৰ পাছতে চৰকাৰৰ প্রতি ৰাইজৰ খং পূর্বতকৈ যথেষ্ট পৰিমাণে স্তিমিত হৈছে৷

অৱশ্যে ইয়াৰ মাজতো জাতীয়তাবাদী দল অগপৰ ভৱিষ্যৎ সন্দর্ভতো মন্তব্য কৰি সংস্থাটোৱে কয় যে আজিৰ তাৰিখত অগপই অকলেই অসমত নির্বাচন খেলিব পৰা পৰিস্থিতি নাই৷ এনডিএ মিত্রজোঁটৰ সমর্থন অবিহনে অগপই অস্তিত্ব বজাই ৰখাটো যথেষ্ট কষ্টকৰ হ’ব৷ অৱশ্যে ইয়াৰ মাজতো ৰাজ্যৰ ৮টা হিন্দু সংখ্যাগুৰুপ্রধান সমষ্টিত কংগ্রেছৰ স্থিতি এতিয়াও যথেষ্ট ভাল৷ শিৱসাগৰ সমষ্টি আৰু যোৰহাট সমষ্টি বিজেপিৰ অনুকূল নহয় যদিও ৰাইজৰ দল শাসনাধীন শিৱসাগৰ সমষ্টিত অখিল গগৈৰ অৱস্থাও বৰ এটা সুবিধাজনক নহয় বুলি সংস্থাটোৱে জৰীপত তথ্য লাভ কৰিছে৷ এইবাৰ নির্বাচনত হিতাধিকাৰীয়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব বুলি মন্তব্য কৰি সংস্থাটোৰ সঞ্চালক ড০ পাণ্ডেই কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ জনপ্রিয়তা মহিলা ভোটাৰৰ মাজত অক্ষুণ্ণ আছে৷ যাৰ বাবে আগন্তুক নির্বাচনত মহিলা ভোটাৰেও এক নির্ণায়ক ভূমিকা লোৱাৰ সম্ভাৱনা আছে৷ একেদৰে জনজাতি বসতিপ্রধান সমষ্টি তথা হিন্দু ভোটাৰৰ মাজতো বিজেপিৰ জনপ্রিয়তা বর্তমানলৈকে অক্ষুণ্ণ আছে৷ অৱশ্যে এই জৰীপ পুনৰ দ্বিতীয় পর্যায়ত ফেব্রুৱাৰী মাহত সংস্থাটোৱে কৰিব বুলি উল্লেখ কৰি ড০ পাণ্ডেই কয় যে প্রকৃত ফলাফল তেতিয়াই অনুমান কৰিব পৰা যাব৷

You might also like