নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেলপথাৰ এৰি পৰিয়ালৰ লগত কিয় ইমান ব্যস্ত কোহলি

বিশেষ বাৰ্তা, ৪ ফেব্রুৱাৰী : বিৰাট কোহলি আৰু অনুষ্কা শর্মাৰ জীৱনলৈ পুনৰ আহি আছে নতুন আলহী৷ তাৰকা ক্রিকেটাৰ বিৰাট কোহলি দ্বিতীয়টো সন্তানৰ পিতৃ হ’বলৈ ওলোৱা বুলি চলি থকা সকলো জল্পনা–কল্পনাৰ অন্ত পেলালে কোহলিৰ ঘনিষ্ঠ বন্ধু দক্ষিণ আফ্রিকাৰ প্রাক্তন ক্রিকেটাৰ এ বি ডি ভিলিয়ার্ছে৷ অনুষ্কাই দ্বিতীয়টো সন্তান জন্ম দিবলৈ ওলাইছে বুলি ডি ভিলিয়ার্ছে সদৰী কৰে৷ সেইবাবেই কোহলিয়ে পৰিয়ালৰ সৈতে অধিক সময় কটাবলৈ লৈছে৷ ডি ভিলিয়ার্ছে ইউটিউব ভিডিঅ’ত কোহলিৰ বিষয়ে সোধা প্রশ্ণৰ উত্তৰত দক্ষিণ আফ্রিকাৰ প্রাক্তন বিস্ফোৰক বেটাৰগৰাকীয়ে কয়- ‘মই জনাত তেওঁলোকৰ পৰিয়ালত সকলো ঠিকেই আছে৷ কোহলিয়ে পৰিয়ালৰ লগত অলপ বেছি সময় কটাব ধৰিছে৷ সেইবাবেই তেওঁ ইংলেণ্ডৰে খেলা প্রথম দুখন টেষ্টত ভাৰতীয় দলত যোগদান কৰা নাই৷’ তেওঁ কয় যে মই কোহলিৰ লগত কথা পাতিছিলোঁ আৰু তেতিয়া জানিব পাৰিছিলোঁ যে অনুষ্কা দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ গৈ আছে৷ গতিকে কোহলি অনুষ্কাৰ ওচৰত থকাটো প্রয়োজনীয়৷ অৱশ্যে এই সন্দর্ভত বিৰাট কোহলিৰ লগতে অনুষ্কাই কোনোধৰণৰ মন্তব্য আগবঢ়োৱা নাই৷

You might also like