নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৭ শতাংশ শিক্ষার্থীৰ নাই স্মার্টফোন: অনলাইন পাঠদানক লৈ কেন্দ্রীয় বিদ্যালয়ত এনচিইআৰটিৰ সমীক্ষা

নিয়মীয়া বাৰ্ত‍া, ২১ আগষ্টঃ  ক’ভিড–১৯ লকডাউনৰ পৰিপ্রেক্ষিতত কেন্দ্রীয় বিদ্যালয়সমূহত অনলাইন পাঠদানক লৈ চলোৱা সমীক্ষাত একাংশ শিক্ষার্থীয়ে সন্তুষ্টি ব্যক্তি কৰিলেও আশ্চর্যজনকভাৱে ২৭ শতাংশ শিক্ষার্থীৰ হাতত নাই লেপটপ, স্মার্টফোন৷ নেচনেল কাউন্সিল অৱ ইডুকেচনেল ৰিচার্ছ এণ্ড ট্রেইনিং চমুকৈ এন চি ই আৰ টিয়ে দেশজুৰি কেন্দ্রীয় বিদ্যালয়সমূহত চলোৱা সমীক্ষাত ২৭ শতাংশ শিক্ষার্থীৰ হাতত স্মার্টফোন আৰু ম’বাইল ফোন নথকাৰ তথ্য প্রকাশ পাইছে৷ যাৰ পৰিণতিত অনলাইন পাঠদানত এনে শিক্ষার্থীসকল বঞ্চিত হৈছে৷

এন চি ই আৰ টিয়ে চলোৱা সমীক্ষাত চি বি এছ চি পঞ্জীভুক্ত বিদ্যালয়, কেন্দ্রীয় বিদ্যালয় আৰু নৱোদয় বিদ্যালয়ৰ ১৮ সহস্রাধিক শিক্ষার্থীক সাঙুৰি লোৱা হৈছে৷ এই সমীক্ষাত প্রকাশ পোৱা মতে, অনলাইন পাঠদান প্রায় ৮৪ শতাংশ শিক্ষার্থীয়ে গ্রহণ কৰিবলৈ সুবিধা হৈছে৷ ইয়াৰে ভিতৰত ১৭ শতাংশই টিভি আৰু ৰেডি’ ব্যৱহাৰ কৰি অনলাইন পাঠদান গ্রহণ কৰাৰ সুযোগ লাভ কৰিছে৷ তেনেদৰে সমীক্ষাত প্রকাশ পোৱা মতে, বিদ্যুতৰ অভাৱৰ বাবে প্রায় ২৮ শতাংশ শিক্ষার্থীয়ে অনলাইন পাঠদানৰ পৰা বঞ্চিত হৈছে৷

কেন্দ্রীয় শিক্ষা মন্ত্রালয়ৰ তথ্য মতে, ৩৩ শতাংশ শিক্ষার্থীয়ে অনলাইন পাঠদানত জটিলতাৰ সন্মুখীন হৈছে৷ বিজ্ঞান আৰু গণিত বিষয়ৰ অনলাইন পাঠদানত সবাতোকৈ বেছি জটিলতাৰ সন্মুখীন হৈছে শিক্ষার্থীসকল৷

You might also like