নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোক আত্মহত্যাৰ পথলৈ ঠেলি নি থকা হৈছে… এইবাৰ অভিনেতা সুৰজ পাঞ্চালীৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ অভিনেতা সুশান্ত সিং ৰাজপুতৰৰ প্ৰাক্তন মেনেজাৰ দিশা চালিয়ানৰ আত্মহত্যা প্ৰসংগত অভিনেতা সুৰজ পাঞ্চালীৰ নামটো বাৰে বাৰে উচ্চাৰণ হৈ আছে। এনেস্থলত অভিনেতাগৰাকীয়ে প্ৰথমবাৰৰ বাবে মুখ খোলা দেখা গ’ল।

বিশেষকৈ বিজেপি নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাৰায়ণ ৰাণেৰ দ্বাৰা আৰোপিত অভিযোগ প্ৰসংগত সুৰজ পাঞ্চালীয়ে কয় যে দিশা চালিয়ানৰ স’তে তেওঁৰ কোনো সম্পৰ্ক নাছিল, বিজেপি নেতা ৰাণেই যদি কোনো সম্পৰ্কৰ প্ৰমাণ দাঙি ধৰিব পাৰে, তেন্তে মই ইয়াৰ পৰিণাম ভুগিবলৈ সাজু আছো।

ইণ্ডিয়া টুডেৰে হোৱা কথোপথনত পাঞ্চালীয়ে কয়– ‘দাক্ষিণাত্যৰ অভিনেত্ৰী জিয়া খানৰ আত্মহত্যাৰ কেছটো এতিয়াও সক্ৰিয় হৈ আছে। কিন্তু এতিয়া দিশা চালিয়ানৰ আত্মহত্যাৰ ক্ষেত্ৰতো কিছুমানে দৃষ্টিকটূভাৱে মোৰ নাম বাৰে বাৰে টানি অনা দেখা গৈছে, কিন্তু ইয়াৰ কোনো ভিত্তি নাই। দিশা চালিয়ানৰ লগত মোৰ সম্পৰ্কতো বাদ, তেওঁক মই জীৱনত কেতিয়াও দেখাই নাই।’

পাঞ্চালীৰ মতে এইধৰণৰ অনৰ্থক চৰ্চাই তেওঁৰ পৰিয়ালৰ লগতে দিশাৰ পৰিয়ালকো উদ্বিগ্ন কৰি ৰাখিছে। সুৰজ পাঞ্চালীয়ে লগতে অতি গুৰুতৰ অভিযোগৰ সুৰত কয় যে এনে চৰ্চা বা সন্দেহৰ বাণে এতিয়াও তেওঁকো আত্মহত্যা কৰিবলৈ বাধ্য কৰিব পাৰে।

উল্লেখ্য যে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাৰায়ণ ৰাণেই অভিযোগ কৰিছিল যে দিশা চালিয়ানক বলাৎকাৰ কৰি হত্যা কৰা হৈছিল।

You might also like