নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্পাইৱেৰ পেগাছাছৰ কার্যত চাঞ্চল্য

নিয়মীয়া বাৰ্তা ২০ জুলাইঃ ইজৰাইলী স্পাইৱেত পেগাছাছৰ কার্যক লৈ বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্য৷ বিশ্বৰ মানৱাধিকাৰ কর্মী, সাংবাদিক, অধিবক্তা আদিৰ ম’বাইল ফোনৰ তথ্য এতিয়া পেগাছাছৰ হাতত পৰিছে৷ ইজৰাইলী নিৰীক্ষণ সংস্থা এনএছ’ৰ তৰফৰ পৰা বিশ্বৰ ৫০ হাজাৰ ব্যক্তিৰ ফোন নম্বৰৰ পৰা গোপন তথ্য চৰকাৰক যোগান ধৰা হৈছে৷ ৱাশ্বিংটন পোষ্ট, দ্য গার্জিয়ান আদিকে ধৰি মুঠ ১৬টা সংবাদ সংস্থাই এনএছ’ৰ ছফ্টৱেৰ পেগাছাছৰ বিৰুদ্ধে এই অভিযোগ আনিছে৷ কালি এই অভিযোগ উত্থাপন হোৱাৰ লগে লগে বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্য৷

লক্ষণীয়ভাৱে আই ফোন আৰু এনড্রইড ফোনৰ ডিভাইছৰ পৰা মেছেজ, ফটো, ই–মেইল, ৰেকর্ড কল আদি সংগ্রহ কৰি পেগাছাছৰ জৰিয়তে এনএছ’ নামৰ সংস্থাটোৱে বিভিন্ন দেশৰ চৰকাৰক যোগান ধৰিছে৷ এইক্ষেত্রত ভাৰতীয় সাংবাদিক, অধিকাৰ কর্মী, ৰাজনীতিসকলো বাদ পৰা নাই৷ ৰাহুল গান্ধী, প্রশান্ত কিশোৰ তথা দুগৰাকী কেন্দ্রীয় মন্ত্রীকো পেগাছাছে টার্গেট হিচাপে বাছি লৈছে৷

ৱাশ্বিংটন পোষ্টৰ সমান্তৰালকৈ দ্য ৱেইৰে প্রকাশ কৰা প্রতিবেদনত উল্লেখ কৰা হৈছে যে তথ্য–প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱকো স্পাইৱেৰ পেগাছাছে লক্ষ্য হিচাপে বাছি লৈছে৷ লক্ষণীয়ভাৱে ৰাহুল গান্ধীৰ দুটাকৈ ম’বাইল ফোন একাউণ্ট ইজৰাইলী নিৰীক্ষণ প্রযুক্তি বিক্রেতা এনএছ’ গ্রুপে লক্ষ্য হিচাপে বাছি লৈছে৷ ২০১৮ৰ মাজভাগৰ পৰা ২০১৯ৰ মাজভাগলৈ ৰাহুল গান্ধীৰ বিভিন্ন তথ্য পেগাছাছে ম’বাইল ফোনৰ পৰা সংগ্রহ কৰিছিল৷ স্মর্তব্য যে এই সময়ছোৱাতে দেশত প্রচাৰ চলিছিল সাধাৰণ নির্বাচন৷ ইতিমধ্যে কংগ্রেছে এই কার্যৰ বাবে মোদী চৰকাৰক সমালোচনা কৰি কৈছে যে বিজেপিয়ে দেশত গুপ্তচৰ বৃত্তি চলাই আহিছে৷

You might also like